জন্ম : বীৰ লাচিত বৰফুকনৰ জন্ম বিষয়ে তথ্য সঠিককৈ পোৱা নাযায় যদিও ১৬২২ চনৰ ২৪ নৱেম্বৰ তাৰিখে আহোম ৰাজধানী গড়গাঁৱৰ ওচৰে-পাজৰে তেওঁৰ জন্ম হৈছিল বুলি কোৱা হয় । মোমাই তামুলী বৰবৰুৱা আছিল তেওৰ পিতৃৰ নাম আৰু মাতৃৰ নাম আছিল নাগেশ্বৰী । তেওঁৰ দেউতাক আছিল ম'-ছাই চেং কালুক যি আহোমৰ লান-ফিমা বংশৰ আছিল । লাচিত আছিল ম'-ছাইৰ সপ্তম পুত্ৰ তেখেতৰ ভাতৃৰ নাম মবাও-লাও আৰু লাপেট-লাও, ভগ্নীৰ নাম লাইছেং । জন্মসূত্ৰে তেওঁৰ নাম আছিল লাচিত ৷
শিক্ষা- ৰাজ পৰিয়ালত জন্মগ্ৰহণ কৰা লাচিতে সামৰিক আৰু অসামৰিক দুয়োটা শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল । ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰা লাচিত পৰিয়ালৰ পৰা দায়িত্ব, আনুগত্য আৰু সততাৰ গুণ উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল । আহোমসকলৰ অন্যতম বিখ্যাত ফৈদ হৈছে বিখ্যাত লন ফিমা বংশ । লাচিত আছিল এই ফৈদৰ । এই বংশৰ প্ৰথম পুৰুষ চুকাফাৰ সৈতে অসমলৈ আহিছিল ।
Also Check: Lachit Barphukan Essay in Assamese PDF | লাচিত বৰফুকন বিষয়ে ৰচনা
তেওঁক প্ৰথমে ঘোঁৰা বৰুৱাৰ পদত নিয়োজিত কৰা হৈছিল । এই অৱস্থাত থকা সময়ত তেওঁ অতি শক্তিশালী ঘোঁৰা নিয়ন্ত্ৰণ কৰিছিল । ঘোঁৰা বৰুৱা, দুলীয়া বৰবৰুৱা, শিমুলগুৰীয়া ফুকন, দোলাকাষৰীয়া বৰুৱা (দোলা কঢ়িওৱা আৰু পালি পহৰীয়া সকলক চলোৱা) হোৱাৰ পিছত চাওফা চুপুংমু ফুকনলুং হৈ পৰিল ।
দোলাকাষৰীয়া বৰুৱাৰ কাৰ্যকালত চাওফাই লক্ষ্য কৰিছিল লাচিতৰ মাজত নিহিত হৈ থকা দক্ষতা । এদিন দোলনাত বহি থকা চাওফাই লাচিতক ক'লে, "বংগৰ শত্ৰু চৈয়দ ফিৰোজ আৰু চৈয়দ চালাহক আমি কেনেকৈ ধৰিব পাৰোঁ ?" লাচিতে উত্তৰ দিলে, “চাওফাৰ ৰাজ্যত মানুহ নাই নেকি ? বঙালনো কি ? মানুহহে ! আমাৰ ৰাজ্যত নোলাব নেকি তেনে মানুহ । চাওফা আদেশ দিবহে লাগে"
তাৰ পিছত লাচিতক ফুকনলুঙৰ দায়িত্ব দিয়া হয় । ফুকলুঙৰ পদ গ্ৰহণ কৰাৰ পূৰ্বে আন এক পৰীক্ষাৰ সন্মুখীন হ’বলগীয়া হৈছিল লাচিত । লাচিতক চাওফাৰ সন্মুখলৈ মাতি অনা হয় । চাওফাৰ আগত আঁঠু লৈ থাকোঁতে ক’ৰ পৰা এজন লগুৱা আহি লাচিতৰ মূৰৰ বস্ত্ৰ লৈ গল । চাওফাই এয়া ইচ্ছাকৃতভাৱে কৰিছিল । লাচিতে স্বাভাৱিকতে খাপৰ পৰা পৰা হেংদাঙখন লৈ লগুৱাজনক খেদি গল।পিছত যেনিবা লগুৱা বাচিল । লাচিত আছিল নিৰ্ভীক আৰু অতি সাহসী ।
শৰাইঘাটৰ যুদ্ধ
শৰাইঘাট যুদ্ধৰ শেষৰ ফালে বৃহৎ মোগল সৈন্যৰ সন্মুখত আহোম বাহিনীয়ে পিছুৱাই যাবলৈ ধৰিলে । সেই সময়ত লাচিতৰ প্ৰচণ্ড জ্বৰ হৈছিল । ৰোগীয়া মানুহজনে মোগলৰ বিৰুদ্ধে যুঁজিবলৈ নাও এখনত উঠি সৈনিকসকলক সম্বোধন কৰি ক’লে, “অসমীয়া ৰণুৱা সকল মই যুঁজিহে মৰিম । নাইবা মোক বঙালে ধৰি লৈ যাওক তোমালোক সুখেৰে ঘৰলৈ যোৱা ।”এই কথাবোৰে সৈনিকসকলক নতুনকৈ উৎসাহিত কৰিছিল আৰু তেওঁলোকে দুগুণ সাহসেৰে যুদ্ধ কৰি মোগলক পৰাস্ত কৰিছিল ।
মৃত্যু: শৰাইঘাটৰ যুদ্ধত জয়ী হোৱাৰ পিছতেই লাচিতৰ মৃত্যু হয় । যুদ্ধৰ সময়ত তেওঁৰ তীৰকঁপে জ্বৰ হৈছিল আৰু সেই জ্বৰৰ শৰীৰৰ সৈতে যুঁজিছিল । পিছলৈ চাওফা উদয়াদিত্য সিঙে যোৰহাটৰ পৰা ১৬ কিলোমিটাৰ নিলগত ১৬৭২ চনত "লাচিত মৈদাম" নিৰ্মাণ কৰে ।

