Ads Area

'অৰুণোদয়' আঁচনিৰ হিতাধিকাৰীসকলৰ বৰ্তমানৰ আৰ্থিক অৱস্থা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পর্যালোচনা বৈঠক ...

'অৰুণোদয়' আঁচনিৰ হিতাধিকাৰীসকলৰ বৰ্তমান আৰ্থিক অৱস্থা আৰু তেওঁলোকৰ নিৰীক্ষণ সন্দৰ্ভত আজি জনতা ভৱনৰ সভাকক্ষত এক ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই  ৷ এই ভিডিঅ' কনফাৰেন্সত বিধায়কসকল, উপায়ুক্তসকল আৰু অসমৰ প্ৰতিখন জিলাৰ জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ সদস্যসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ।


মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা চলোৱা জৰীপৰ জৰিয়তে হিতাধিকাৰীৰ নাম পুনৰীক্ষণ কৰি সেই তালিকা ইতিমধ্যে জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিসমূহলৈ প্ৰেৰণ কৰা হৈছে । উপায়ুক্তসকলৰ পৰা সেই তালিকা সংগ্ৰহ কৰি ১০ দিনৰ ভিতৰত তালিকাৰ পৰা বাদ পৰি ৰোৱা হিতাধিকাৰী সংক্ৰান্তত অনুসন্ধান কৰাৰ লগতে পুনৰ অন্তৰ্ভুক্তিৰ বাবে কাৰণসহ সমিতিক তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশনা দিয়ে মুখ্যমন্ত্ৰীয়ে ।

আজিৰ এই বৈঠকত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে মন্ত্ৰী অতুল বৰা, উৰ্খাও গৌৰা ব্ৰহ্ম, ডাঃ ৰণোজ পেগু, অজন্তা নেওগ, যোগেন মহন, সাংসদ পল্লৱলোচন দাস, মাননীয় সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পৱিত্ৰ মাৰ্ঘেৰিটা প্ৰমুখ্যে ৰাজ্য চৰকাৰৰ উচ্চ পদস্থ বিষয়াবৰ্গ ।

Post a Comment

1 Comments
  1. Baccarat is widely available in land-based casinos and in online casinos. If you want to find the nearest on line casino or your location, sort the keyword 'casinos near me' into the search engine. If you want to apply your gameplay with out financial threat, go to our web site 토토사이트 to play free Baccarat games. Simply guess on the player, the banker or the tie and see how the playing cards fall - the hand closest to nine wins.

    ReplyDelete

Ads Area

close