তৰুণৰাম ফুকনৰ কৰ্মজীৱনঃ বিলাতৰ পৰা বেৰিষ্টাৰ হােৱাৰ মনােৰথ পূৰণ কৰি আহি ফুকনদেৱে কলিকতাত কৰ্মজীৱনৰ পাতনি মেলে । কিছুদিনৰ ভিতৰতে তেখেত, প্রথম শ্রেণীৰ বেৰিষ্টাৰ হ’বলৈ সক্ষম হয় । ইয়াৰ পিছত তেখেতে ডিব্ৰুগড়ৰ পৰশুৰাম খাউণ্ডৰ কন্যা বিদ্যুৎপ্রভাক বিয়া কৰায় । ১৯২০ চনত গুৱাহাটীত আর্ল ল কলেজ স্থাপিত হয় আৰু ফুকনদেৱে তাৰ অধ্যাপক হিচাপ নিযুক্তি লাভ কৰে । এই কার্যই ফুকনদেৱৰ ত্যাগৰ নমুনা দাঙি ধৰে । বেছ অর্থ উপার্জনকাৰী বেৰিষ্টাৰী বাদ দি অধ্যাপনা গ্রহণ কৰাটোৰ দ্বাৰাই এই কথা বুজিব পাৰি ।
স্বাধীনতা আন্দোলনত ফুকনদেৱৰ অৱদান : তৰুণৰাম ফুকনে আর্ল ল কলেজত অধ্যাপনা আৰম্ভ কৰাৰ সময়তে অসহযােগ আন্দোলন আৰম্ভ হয় । ৰাজনৈতিক ঘটনাৰ প্রতি তেখেতে সদায়ে সচেতনতা অৱলম্বন কৰিছিল আৰু সেইবাবেই তেখেতে আন্দোলন জড়িত হৈ পৰে । এদিন গােপীনাথ বৰদলৈদেৱ ফুকনদেৱৰ ঘৰলৈ আহিছিল । তেখেতে ফুকনদেরক আন্দোলনত যােগদান কৰিবলৈ বিশেষভাৱে অনুৰােধ জনায় । বৰদলৈদেৱে তেখেতক এনেদৰে কয় যেন তেখেতৰ সহযােগ অবিহনে আন্দোলন চলােৱা অসম্ভৱ । এই কথাই ফুকনদেৱৰ অন্তৰৰ ৰেখাপাত কৰিলে আৰু সর্বস্ব বাদ দি তেখেত আন্দোলনত নামি পৰে । ফুকনদেৱৰ যােগদানৰ ফলত অসমত স্বাধীনতা আন্দোলনে নতুন ৰূপ লয় ।
১৯২২ চনত অখিল ভাৰতীয় কংগ্ৰেছ কমিটীৰ অধিবেশন নাগপুৰত অনুষ্ঠিত হয় । তৰুণৰাম ফুকনে এই অধিবেশনত যােগদান কৰেগৈ । তেখেতে তাত গান্ধীজীৰ সাক্ষাৎ লাভ কৰে আৰু কথা-বতৰাৰ শেষত গান্ধীজীক অসমলৈ আহিবলৈ আমন্ত্রণ জনায় । ইয়াৰ পিছত তেখেতে পূৰামাত্রাই আন্দোলনত নামি পৰে আৰু অধ্যাপক পদৰ পৰা ইস্তাফা দিয়ে । আগষ্ট মাহত গান্ধীজী অসমলৈ আহে । গান্ধীজী ফুকনদেৱৰ ঘৰত আলহী হয় । ইয়াৰ ফলত ফুকনদেৱ ত্যাগৰ মহামন্ত্র দীক্ষিত হয় । তেখেতে নিজৰ গাড়ী আৰু দামী বিদেশী কাপােৰ দাহ কৰে । মহাত্মাজীয়ে ফুকনৰ কর্মদক্ষতাক ভূয়সী প্রশংসা কৰে । গান্ধীজী অসমৰ পৰা উভতি যােৱাৰ পাছত তৰুণৰাম ফুকন অসমৰ অহিংস আন্দোলনৰ নেতা হৈ পৰে । তেখেত প্রদেশ কংগ্ৰেছৰ সভাপতি নির্বাচিত হয় । তেখেতৰ নেতৃত্বত অসমৰ চৌদিশে আন্দোলনৰ জুই দপ-দপকৈ জুলি উঠে । ইংৰাজে তেখেতৰ ওপৰত ৰাজদ্ৰোহৰ আৰােপ লগায় । চৰকাৰে তেখেতৰ বিৰুদ্ধে মােকদর্মা চলায়; কিন্তু ন্যায়ালয়ে তেখেতক নির্দোষ হিচাপে ৰায় দিয়ে । ইয়াৰ পিছত তৰুণৰামে বকোত পুনৰ প্ৰচাৰ কাৰ্য আৰম্ভ কৰে । ইংৰাজ চৰকাৰে তেখেতৰ বিৰুদ্ধে মােকদর্মা পুনৰ চলায় । তেখেতে এই মােকর্দমাৰ বিৰােধিতা নকৰাকৈয়ে এবছৰৰ কাৰাবাস খাটে । কাৰাবাসতে ফুকনদেৱে দাঁতৰ অসুখত ভােগে । এইবাবে ' তেখেতক এমাহৰ বাবে কাৰাবাসৰ পৰা অব্যাহতি দিয়া হয় । এমাহ পূৰ হােৱাৰ লগে | লগে তেখেত পুনৰ কাৰাবাসলৈ যাবলগীয়া হয় । ইয়াৰ ডেৰ মাহৰ পিছত তেখেতৰ মুক্তি হয় । ইয়াৰ কিছু দিনৰ পিছত কংগ্ৰেছত মতভেদে দেখা দিয়ে । স্বৰাজবাদী দল পৰাভূত হ'লেও হতাশ নহ'ল ।
ফুকনদেৱৰ সাহিত্য চর্চা : তৰুণৰাম ফুকন এগৰাকী সু-সাহিত্যিকো আছিল। ইংৰাজী শিক্ষাৰে শিক্ষিত হ'লেও তেখেতৰ অসমীয়া ভাষাতত সমানে দক্ষতা আছিল । তেখেতৰ অন্যতম পুথি হ’ল কবিতা সংগ্রহ ‘স্তুতি মালা’ আৰু দাম্পত্য জীৱনৰ উপযােগী পুথি ‘যৌনতত্ত্ব” । ইয়াৰ উপৰিও তেখেতে চিকাৰ সম্বন্ধীয় প্রবন্ধ-পাতি আৰু ৰাজনৈতিক প্রবন্ধও । লিখি অসমীয়া সাহিত্যৰ ভাণ্ডাৰলৈ অৰিহণা যােগাই থৈ গৈছে । তেখেতৰ এক লিখিত ভাষণাে আছে । গান্ধীজীয়ে অসমত প্ৰদান কৰা বক্তৃতামালাৰ অনুবাদেৰে ফুকনদেৱে সকলােকে চমকিত কৰি থৈ গৈছে । তেখেতে ইংৰাজী আৰু অসমীয়া ভাষাৰ উপৰিও বাংলা, হিন্দী, উর্দু আৰু সংস্কৃত ভাষাও ভালদৰে জানিছিল ।
দুঃসাহসিক কার্যত ফুকনদেৱঃ দুঃসাহসিক কাৰ্যৰ দ্বাৰা তৰুণৰাম ফুকনে আনন্দ লাভ কৰিছিল । তেখেত প্রখ্যাত চিকাৰী আছিল । দুর্গম ঠাইলৈ গৈ বাঘ চিকাৰ কৰি তেখেতে আনন্দ লভিছিল ।

