Ads Area

গুৱাহাটী বিশ্ববিদ্যালয়ত সদৌ অসম ৰচনা প্ৰতিযোগিতা

বিভাগটোৰ উদ্যোগত বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে সোণালী জয়ন্তী ।

গুৱাহাটী বিশ্ববিদ্যালয়ত সদৌ অসম ৰচনা প্ৰতিযোগিতা

১৯৭২ চনতেই ঐতিহাসিক গুৱাহাটী বিশ্ববিদ্যালয়ত স্থাপন হোৱা লোকসংস্কৃতি গৱেষণা বিভাগে ভৰি দিলে ৫০টা গৌৰৱোজ্জল বৰ্ষত । প্ৰাপ্ত তথ্য অনুসৰি, বিভাগটোৰ উদ্যোগত বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে সোণালী জয়ন্তী । এই উপলক্ষে স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সদৌ অসম ভিত্তিত এখন ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । ৰচনাৰ বিষয়- পৰিৱেশ সংৰক্ষণত লোকসংস্কৃতিৰ ভূমিকা (Role of Folklore in Environment Conservation) । 
ইচ্ছুক প্ৰতিযোগীয়ে অসমীয়া বা ইংৰাজী ভাষাত ৫০০০ শব্দৰ ভিতৰত লিখা ৰচনা অহা ২৫ অক্টোবৰ তাৰিখৰ ভিতৰত লোকসংস্কৃতি গৱেষণা বিভাগৰ কাৰ্যালয়ত জমা দিব অথবা folkloregoldenjubilee@gmail.com লৈ প্ৰেৰণ কৰিব লাগিব । উল্লেখ্য যে, প্ৰতিযোগিতাৰ বিজয়ীসকলক অহা ৪ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া সোণালী জয়ন্তী উৎসৱৰ মুকলি সভাত পুৰস্কৃত কৰা হ'ব ।
Tags

Post a Comment

0 Comments

Ads Area

close