টেট পৰীক্ষাগৃহত মোবাইল ফোন ! পৰীক্ষাৰ্থীয়ে হোৱাটছ এপত সদৰি কৰিলে প্ৰশ্ন কাকত । কাছাৰৰ টেট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল ৷
পৰীক্ষাৰ পূৰ্বেই ফাদিল হৈছিল প্ৰশ্ন কাকত ৷ সোনাই মইনুল হক চৌধুৰী হাইয়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰীক্ষা হলৰ পৰা হোৱাটছ এপ যোগে ফাদিল হৈছিল প্ৰশ্ন কাকত ৷
মইনুল হক চৌধুৰী স্কুলৰ পৰীক্ষাকেন্দ্ৰৰ 4 নম্বৰ হলৰ পৰা প্ৰাথমিক পৰ্যায়ৰ প্ৰশ্নপত্ৰখন ফাদিল কৰিছিল কোনো পৰীক্ষাৰ্থীয়ে ৷ পৰীক্ষা চলি থকাৰ সময়তে ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল প্ৰশ্নখন ৷
ৰোল নম্বৰ 0518972 ৰ প্ৰশ্ন পত্ৰখন ভাইৰেল হৈছিল ৷ কাছাৰ আৰক্ষীক ঘটনাটো ইতিমধ্যে জনাইছে শিক্ষা বিভাগে ৷
