শিক্ষকৰ বদলিকৰণ সন্দৰ্ভত কি মন্তব্য ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৰ ?
অসমৰ শিক্ষা ব্যাৱস্থাৰ সংস্কাৰ সম্পৰ্কে মতপ্ৰকাশ কৰিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে ।
আজি অভয়াপুৰী মহাবিদ্যালয় ভ্ৰমণ কৰি অসমৰ গোটেই শিক্ষা ব্যাৱস্থাৰ সংস্কাৰ আৰু নতুন শিক্ষা নীতিৰ আধাৰত নতুন কাৰ্য্যপন্থা গ্ৰহণৰ বাবে অসম চৰকাৰে ব্যাৱস্থা গ্ৰহণ কৰিছে বুলি ৰণোজ পেগুৱে কয় ।
ইপিনে, শিক্ষকৰ পাৰস্পৰিক বদলি সন্দৰ্ভত চলি থকা দাবী অনুসৰি অনলাইন পোৰ্টেল খুলি দিয়া সম্পৰ্কেও ৰণোজ পেগুৱে মত প্ৰকাশ কৰে ।
পেগুৱে অতি সোনকালে শিক্ষক সকলৰ পাৰস্পৰিক বদলিৰ কাৰণে অনলাইন পোৰ্টেল খুলি দিয়া হ’ব আৰু ইয়াৰ সৈতে জড়িত অন্যান্য কাৰণ সমূহ সামাধন কৰি দুই-এদিনতে অনলাইন বদলিৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈ যাব বুলিও মন্তব্য কৰে ।
উল্লেখযোগ্য যে, বৰ্তমান ৰাজ্যত পাৰস্পৰিক বুজাবুজিৰ মাধ্যমেৰে শিক্ষক সকলৰ বদলি বন্ধ কৰি ৰাখিছিল ৰাজ্য চৰকাৰে ।
