গাঁৱৰ মহিলাসকলে যাতে বাৰ্ষিক ১ লাখ টকাকৈ উপাৰ্জন কৰিব পাৰে সেই বিষয়ত গুৰুত্ব দিয়া হ’ব এই আঁচনিত। লগতে চোৱা হৈছে যাতে সমগ্ৰ দেশৰ মহিলাসকল আত্মনিৰ্ভৰ হ’ব পাৰে সেই ধৰণৰ প্ৰতিষ্ঠান স্থাপন কৰা হ’ব ।
মহিলাসকলৰ আয় বৃদ্ধি কৰিবলৈ নৰেন্দ্ৰ মোদী চৰকাৰৰ এক বিশেষ আঁচনিৰ পৰিকল্পনা কৰিছে যিয়ে মহিলাসকলক বিশেষভাৱে সহায় কৰিব । আৰু এই আঁচনি ভাৰতৰ সকলো ৰাজ্যতে চলিব ।
গ্ৰামীণ বিকাশ মন্ত্ৰণালয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে যে যাতে মহিলাসকলে বছৰি ১ লাখ টকাপৰ্যন্ত উপাৰ্জন কৰিব পাৰে । মহিলাসকলৰ সহায়ৰ বাবেই ২ বছৰত যাতে ২.৫ কোটি গ্ৰামীন মহিলাই উপাৰ্জন কৰিব পাৰে সেইক্ষেত্ৰত সহায় কৰিব কেন্দ্ৰীয় চৰকাৰে ।
গাঁৱৰ সকলো মহিলায়ে যাতে বাৰ্ষিক ১ লাখ টকাকৈ উপাৰ্জন কৰিব পাৰে সেই বিষয়ত গুৰুত্ব দিয়া হ’ব এই আঁচনিৰ জৰিয়তে । লগতে চোৱা হৈছে যাতে সমগ্ৰ দেশৰ মহিলাসকল আত্মনিৰ্ভৰ হ’ব পাৰে সেই ধৰণৰ প্ৰতিষ্ঠান স্থাপন কৰা হ’ব ।
নিত্য নতুন মডেলৰ জৰিয়তে ৰাজ্য চৰকাৰৰ বাবে বিভিন্ন পৰামৰ্শ জাৰি কৰা হ’ব । গ্ৰামীণ মন্ত্ৰণালয়ৰ অধীনত মহিলাসকলৰ উপাৰ্জন নিশ্চিত কৰিবলৈ ৭.৭ কোটি এছএমচিজি অন্তৰ্ভুক্ত কৰা হৈছে ।
এছএমচিজিৰ বাৰ্ষিক ৮০,০০০ কোটি টকা আৰম্ভণিৰ ফালে পুঁজিৰ বাবে সহায় কৰিব নৰেন্দ্ৰ মোদী চৰকাৰে । মহিলাসকলৰ ৰোজগাৰ বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰ, বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেচনৰ সৈতে ২৮ অক্টোবৰ ২০২১ত এক কৰ্মশালা আয়োজন কৰা হৈছিল । ইয়াত কৃষি আৰু কৃষি সংক্ৰান্তীয় বিষয়, পশুপালনক লৈ আলোচনা কৰা হয় ।
ইয়াৰ উপৰি ঘৰুৱা পদ্ধতিৰে কিদৰে মহিলাসকলৰ আয় বৃদ্ধি কৰিব পৰা যাব সেই বিষয়ত গুৰুত্ব দিয়া হৈছে । সমাজত মহিলাসকলৰ আয় সুনিৰ্দিষ্ট কৰিলেই আহিব সুস্থিৰতা । এইবাবেই একাধিক বিষয়ক লৈ চিন্তা–চৰ্চা কৰা হৈছে ।
