Ads Area

Post Office Recruitment 2021

ভাৰতীয় ডাক বিভাগত বহু পদত শীঘ্ৰেই হ’ব নিযুক্তি ! 

Post Office Recruitment 2021

প্ৰকাশিত বিজ্ঞপ্তিৰ তথ্য অনুসৰি, বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে । প্ৰাৰ্থীসকলে ৬ ডিচেম্বৰ ২০২১ পৰ্যন্ত আবেদন পত্ৰ জমা দিব পাৰিব । 

সম্প্ৰতি ভাৰতীয় ডাক বিভাগ (India Post) ৰ ফালৰ পৰা এক বিজ্ঞপ্তি জাৰি কৰি ৰাজস্থান পোষ্টেল চাৰ্কলত জয়পুৰৰ অধীনত বিভিন্ন  পদত নিয়োগৰ বাবে আবেদন গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীয়ে শীঘ্ৰে আবেদন কৰিব পাৰে ।

এই বিষয়ে আৰু বিশদভাৱে জানিবলৈ প্ৰাৰ্থীসকলে ভাৰতীয় ডাক বিভাগৰ অফিচিয়েল ৱেবছাইটলৈ গৈ চাব পাৰে ।

India Post Recruitment 2021 : আবেদনৰ শেষ তাৰিখ


প্ৰকাশিত বিজ্ঞপ্তিৰ তথ্য অনুসৰি, বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে । প্ৰাৰ্থীসকলে ৬ ডিচেম্বৰ ২০২১ পৰ্যন্ত আবেদন পত্ৰ জমা দিব পাৰিব । যিকোনো কম্পিউটাৰ চালিত পোষ্ট অফিচলৈ গৈ আবেদন মাচুল জমা দিয়াৰ শেষ তাৰিখ ২৭ নৱেম্বৰ । আবেদন পত্ৰ জমা দিব লাগিব প্ৰেস্ক্ৰাইব ফৰমেটত । প্ৰতিষ্ঠানৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ হ’ব আবেদন পত্ৰ ।

India Post Recruitment 2021 : খালী পদৰ সংখ্যা


Total Post : 22

India Post Recruitment 2021 : খালী পদৰ বিস্তাৰিত বিৱৰণ


  1. পোষ্টেল এছিষ্টেণ্ট : ৯টা
  2. পোষ্টমেন : ৮টা
  3. এমটিএছ : ৫টা

নিয়োগ সংক্ৰান্তীয় সম্পূৰ্ণ তথ্য :


সংস্থা : ভাৰতীয় ডাক বিভাগ

পদৰ নাম : পোষ্টেল এছিষ্টেণ্ট, পোষ্টমেন, এমটিএছ

খালী পদৰ সংখ্যা : ২২

কামৰ স্থান : ৰাজস্থান, জয়পুৰ

কামৰ ধৰণ : চৰকাৰী

নিৰ্বাচন পদ্ধতি : জনোৱা হোৱা নাই

আবেদন প্ৰক্ৰিয়া আৰম্ভ : চলি আছে

শিক্ষাগত অৰ্হতা : জনোৱা হোৱা নাই

আবেদনৰ পদ্ধতি : অনলাইন আৰু অফলাইন

আবেদনৰ শেষ দিন : ০৬.১২.২০২১

বয়সৰ সীমা


পোষ্টেল এছিষ্টেণ্ট, ছৰ্টিং এছিষ্টেণ্ট আৰু পোষ্টমেন পদৰ বাবে সৰ্বোচ্চ ২৭ বছৰ আৰু সৰ্বনিম্ন ১৮ বছৰ নিৰ্ধাৰণ কৰা হৈছে ।

আবেদন পদ্ধতি


প্ৰাৰ্থীসকলে প্ৰথমে প্ৰতিষ্ঠানৰ অফিচিয়েল ৱেবচাইটৰ পৰা আবেদন পত্ৰ ডাউনলোড কৰি পূৰণ কৰিব লাগিব । য়াৰ পিছত পূৰণ কৰা আবেদন পত্ৰসহ আন প্ৰয়োজনী নথি আৰু চাৰ্টিফিকেটৰ ফটোকপি ডাক বিভাগৰ অফিচিয়েল ঠিকনালৈ পঠিয়াব লাগিব । আবেদন পত্ৰ প্ৰেৰণৰ ঠিকনা “The Assistant Director (Rectt), O/o the chief Postmaster General Rajasthan Circle, Sardar Patel Marg, C- Scheme, Jaipur- 302007”

Post a Comment

0 Comments

Ads Area

close