Ads Area

Facebook New Name

ফেইচবুকৰ নাম সলনি হ’ল নতুন নাম কি ?

ফেইচবুকৰ নাম সলনি হ’ল নতুন নাম কি ?


বৃহস্পতিবাৰে ফেইচবুকে ইয়াৰ প্ৰতিষ্ঠানৰ নতুন নাম ঘোষণা কৰে ।

মেটাভাৰ্ছৰ ওপৰত অধিক গুৰুত্ব প্ৰদানৰ প্ৰতি লক্ষ্য ৰাখি ফেইচবুকে বৃহস্পতিবাৰে ইয়াৰ প্ৰতিষ্ঠানৰ নাম “মেটা”লৈ সলনি কৰে ।

মানুহৰ মাজত প্ৰকৃত বাস্তৱতা আৰু ভাৰ্চুৱেল বাস্তৱতাৰ মাজত অধিক ভাৰসাম্য ৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ফেইচবুকে কিছু ভবিষ্যত পৰিকল্পনা গ্ৰহণ কৰিছে যাৰবাবেই প্ৰতিষ্ঠানটোৱে নিজৰ নাম সলনি কৰিছে বুলি জানিব পৰা গৈছে ।

ফেইচবুকে নিজৰ প্ৰতিষ্ঠানৰ নাম সলনি কৰিলেও তেওঁলোকে প্ৰস্তুত কৰা এপ’ যেনে- ফেইচবুক, ইষ্টাগ্ৰাম, হোৱাটছএপ আদিৰ নাম একেই থাকিব বুলি প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা উল্লেখ কৰা হয়।

পূৰ্বেই ফেইচবুকে নিজৰ প্ৰতিষ্ঠানৰ নাম সলনি কৰিব বুলি ঘোষণা কৰিছিল যদিও বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠানটোৱে নিজৰ নাম সলনি কৰে ।

ফেইচবুকে পৰৱৰ্তী সময়ত একমাত্ৰ সামাজিক মাধ্যম হিচাপেই নহয় গুগলৰ নিচিনা সেৱা প্ৰদানৰ প্ৰতি লক্ষ্য ৰাখিছে বুলিও একাংশই মন্তব্য প্ৰকাশ কৰিছে ।

Tags

Post a Comment

0 Comments

Ads Area

close