ৰাজ্যক ক’ভিডৰ সংক্ৰমণ কিছু পৰিমাণে হ্ৰাস পোৱাৰ পাছত ৰাজ্য চৰকাৰে ক্ৰমান্বয়ে বিদ্যালয় সমূহ খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও এতিয়া কিছুসংখ্যক বিদ্যালয়ত ক’ভিডৰ সংক্ৰমণ ধৰা পৰাৰ ফলত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকল উদ্বিগ্ন হৈ পৰিছে ।
শেহতীয়াভাৱে চাবুৱাৰ মাজমজিয়াত থকা ঐতিহ্যমণ্ডিত অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন শিক্ষকৰ শৰীৰত ক’ভিডৰ সংক্ৰমণ ধৰা পৰাৰ পাছতে বিদ্যালয়খনৰ অন্যান্য শিক্ষক-শিক্ষয়ত্ৰী তথা ছাত্ৰ-ছাত্ৰী সকলৰ মাজত আতংকই বিৰাজ কৰিছে ।
জানিব পৰা মতে, চাবুৱাৰ অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকজন ২৫ অক্টোবৰৰ পৰা ছুটীত আছিল । শিক্ষকজনক প্ৰথমতে শাৰীৰিক অসুস্থতাৰ বাবে চাবুৱাৰ টাটা ৰেফাৰেলত ভৰ্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত তেওঁৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰাত অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰা হয় ।
শিক্ষক গৰাকীৰ লগতে তেওঁৰ পত্নীৰ শৰীৰতো ক’ভিডৰ উপস্থিতি ধৰা পৰিছে বুলি জানিব পৰা গৈছে ।
উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে উজনি অসমৰ আন এখন বিদ্যালয়ৰ এজন শিক্ষকৰ শৰীৰত ক’ভিডৰ সংক্ৰমণ ধৰা পৰিছিল ।
বিদ্যালয় সমূহ খুলি দিয়াৰ পাছত এতিয়া বিদ্যালয়ৰ শিক্ষকৰ শৰীৰত ক’ভিডৰ সংক্ৰমণ ধৰা পৰা ঘটনাৰ প্ৰতি স্বাস্থ্য বিভাগে কি ধৰণৰ গুৰুত্ব প্ৰদান কৰে সেয়া অতি গুৰুত্বপূৰ্ণ হ’ব ।
