Ads Area

টেট পৰীক্ষাৰ্থী সকললৈ নিৰ্দেশনাৱলী, মাৰ্জিত পোছাক পৰিধান কৰি অহাৰ অনুৰোধ

ৰাজ্যত ৩১ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া শিক্ষকৰ যোগ্যতা নিৰূপণ পৰীক্ষা চমুকৈ টেট পৰীক্ষাৰ বাবে বিশেষ নিৰ্দেশনাৱলী জাৰি কৰিছে টেট পৰীক্ষাৰ ন’ডেল বিষয়াই ।

Notice


জাৰি কৰা নিৰ্দেশনাৱলী অনুসৰি পৰীক্ষা কেন্দ্ৰলৈ পৰীক্ষাৰ্থী সকলক মাৰ্জিত পোছাক পৰিধান কৰি যাবলৈ অনুৰোধ কৰা হৈছে ।

৩১ অক্টোবৰত ৰাজ্যৰ নিম্ন আৰু মধ্য প্ৰাথমিক বিদ্যালয় সমূহৰ বাবে টেট পৰীক্ষা অনুষ্ঠিত হ’ব ।

ইয়াৰ উপৰিও নিৰ্দেশনাৱলীত পৰীক্ষাৰ্থী সকলক ৩০ মিনিটৰ পূৰ্বে পৰীক্ষা কেন্দ্ৰত উপস্থিত হ’বলৈ কোৱাৰ লগতে পৰীক্ষা কেন্দ্ৰত ক’লা আৰু নীলা বল পইণ্ট কলমহে ব্যাৱহাৰ কৰিবলৈ কোৱা হৈছে ।

নিৰ্দেশনাৱলীত পৰীক্ষাৰ্থী সকলক মাস্ক পৰিধান কৰি অহাৰ বাবেও কোৱা হৈছে ।

Post a Comment

0 Comments

Ads Area

close