Ads Area

H.S First Year 2021 Online Admission Open

উচ্চতৰ মধ্যমিক শাখাত ছাত্ৰ-ছাত্ৰী সকলে নামভৰ্তি কৰিবৰ বাবে অনলাইন আবেদন গ্ৰহণ কৰিব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে । ছাত্ৰ-ছাত্ৰীয়ে  অনলাইন নামভৰ্তিৰ বাবে ‘দৰ্পন’ পোৰ্টেল মুকলি কৰিব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে 
H.S First Year 2021 Online Admission Open

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ইয়াৰ বাবে ‘দৰ্পন’ (DARPAN) নামৰ এটা অনলাইন নামভৰ্তি পোৰ্টেল মুকলি কৰিছে যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলে নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰিব ।

দৰ্পন পোৰ্টেলটোলৈ গৈ ছাত্ৰ-ছাত্ৰী সকলে অনলাইন পদ্ধতিৰে  নামভৰ্তি কৰিব বিছৰা শিক্ষানুষ্ঠানখনো বাচনি কৰিব পাৰিব । যিবোৰ শিক্ষানুষ্ঠানৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বৈধ কোড আছে সেইবোৰ শিক্ষানুষ্ঠানে নিজৰ নিজৰ শিক্ষানুষ্ঠান সমূহৰ বিষয়ে পোৰ্টেলটোত আপডেট কৰিব লাগিব ।

দৰ্পন পোৰ্টেলত শিক্ষানুষ্ঠান সমূহে নিজৰ নিজৰ শিক্ষানুষ্ঠানৰ বিষয়ে অন্তৰ্ভূক্ত কৰাৰ পাছত উচ্চতৰ মাধ্যমিক শাখাত নামভৰ্তি কৰিব বিচৰা ছাত্ৰ-ছাত্ৰী সকলে ১১ আগষ্টৰ পৰা ২৫ আগষ্টৰ ভিতৰত www.darpan.ahseconline.in আৰু  www.ahsec.assam.gov.in এই দুটা ৱেবচাইটলৈ গৈ নামভৰ্তিৰ বাবে নিজৰ নিজৰ আবেদন সমূহ কৰিব পাৰিব । অলপতে ছেবাই ঘোষণা কৰা অসম হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছা পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলেহে এই অনলাইন নামভৰ্তি পদ্ধতিযোগে আবেদন কৰিব পাৰিব । এইক্ষেত্ৰত অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানত নাম ভৰ্তিৰ বাবে ছেবাৰ বাহিৰে অন্যান্য শিক্ষা বোৰ্ডৰ ছাত্ৰ-ছাত্ৰী সকলে পাৰম্পৰিক পদ্ধতিৰে আৱেদন কৰিব লাগিব ।

Note :-- Website Open On 11 Aug to 25 Aug

Official Website

Click Here

Click Here


Post a Comment

0 Comments

Ads Area

close