Ads Area

এতিয়া আপুনি গ্রাম্য এলেকাত ঘৰ নির্মাণ কৰিলে চৰকাৰক দিব লাগিব মাচুল

এতিয়াৰে পৰা গ্রামাঞ্চলত ঘৰৰ নির্মাণৰ বাবে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ অনুমতিৰ আৱশ্যক হ’ব ৷ একমাত্র অনুমতিয়েই নহয়, গৃহ নির্মাণৰ বাবে নির্দিষ্ট মাচুলো আদায় দিব লাগিব পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগক ৷ উল্লেখ্য যে বুধবাৰে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগে আনুষ্ঠানিকভাৱে মুকলি কৰিলে এখন আদর্শ নাগৰিক চনদ ৷ পঞ্চায়ত আৰু গ্রামোন্নয়ন মন্ত্রী ৰঞ্জিত কুমাৰ দাসে আনুষ্ঠানিকভাৱে মুকলি কৰে এই নাগৰিক চনদখন ৷ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ কাম–কাজত বৃত্তিমুখিতা আনি দিয়াৰ লগতে বৈষম্যহীনভাৱে সকলো শ্রেণীৰ লোকক আঁচনিৰ সুবিধা প্রদান কৰাৰ লক্ষ্যৰে মুকলি কৰা এই চনদত গ্রাম্য এলেকাত পঞ্চায়তত কাম–কাজ তথা দায়িত্ব সম্পর্কে বিস্তৃতভাৱে সন্নিৱিষ্ট কৰা হৈছে ৷
village house

পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ কাম–কাজ আগুৱাই নিয়াৰ উদ্দেশ্যে প্রস্তুত কৰা এই আদর্শ নাগৰিক চনদত গ্রামাঞ্চলৰ বাসগৃহ নির্মাণৰ বাবে অনুমতিৰ লগতে মাচুল নির্ধাৰণ কৰা দিশটোৱে যথেষ্ট প্রতিক্রিয়াৰ সৃষ্টি কৰিছে ৷ চনদত উল্লেখ কৰা অনুসৰি আৱাসিক বা বাণিজ্যিক নির্মাণকার্যৰ বাবে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগত অনুমতিৰ প্রয়োজন হ’ব ৷ এইক্ষেত্রত কিমান মাচুল আদায় দিব লাগিব সেয়া পঞ্চায়তে নির্ধাৰণ কৰিব ৷ এই নির্মাণৰ অনুমতি ১৫ দিনৰ ভিতৰত আবেদনকাৰীয়ে লাভ কৰিব বুলি স্পষ্ট কৰা হৈছে ৷ মাচুল আদায়ক কেন্দ্র কৰি সৃষ্টি হোৱা প্রতিক্রিয়াৰ বিপৰীতে আজি মন্ত্রী ৰঞ্জিত দাসে চনদ মুকলি কৰি কয় যে প্রতিখন পঞ্চায়তে এইক্ষেত্রত মাচুল আদায় কিমান কৰিব, সেয়া নির্ধাৰণ কৰাৰ কর্তৃত্ব পাব ৷

            অৱশ্যে যথেষ্ট কম পৰিমাণৰ মাচুলহে আদায় হ’ব ৷ কোনো পঞ্চায়তে ইচ্ছা কৰিলে এই মাচুল আদায় নল’বও পাৰে ৷ দৰাচলতে পঞ্চায়তৰ ৰাজহ আদায় কৰাৰ লক্ষ্যৰেহে এই ব্যৱস্থা সংযোজন কৰা হৈছে ৷ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত পঞ্চায়ত আৰু গ্রামোন্নয়ন আয়ুক্তৰ কার্যালয়ৰ সভাকক্ষত চনদ মুকলি উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত পঞ্চায়ত–গ্রামোন্নয় মন্ত্রী দাসে কয় যে সেৱাই পঞ্চায়ত শীর্ষক এই চনদ গ্রাম্য জনসাধাৰণৰ সেৱা কৰাই হ’ব মুখ্য উদ্দেশ্য৷ গ্রামাঞ্চলৰ নাগৰিকসকলক সুশাসন তথা সুসেৱা প্রদানৰ লক্ষ্যৰে সেৱাই পঞ্চায়ত এই মূল মন্ত্র লৈ গাঁও পঞ্চায়তবোৰৰ বাবে আদর্শ নাগৰিক চনদখন প্রস্তুত কৰা হৈছে ৷ এই নাগৰিক চনদৰ ভিত্তিত প্রতিখন গাঁও পঞ্চায়ততে একোখন নাগৰিক চনদ প্রস্তুত কৰি ৰূপায়ণ কৰা হ’ব ৷ সুশাসন লাভৰ বাবে এই চনদখন হ’ব মুখ্য আহিলা ৷ গ্রাম্য এলেকাৰ ৰাইজে যাতে পঞ্চায়তৰ পৰা সঠিক সময়ত গুণগত সেৱা লাভ কৰিব পাৰে, তাৰ বাবে এই পদক্ষেপ লোৱা হৈছে ৷

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নাগৰিকক সুশাসন বা সুসেৱা প্রদানত সর্বাধিক অগ্রাধিকাৰ দিয়াৰ বাবে গ্রহণ কৰা কার্যসূচীক আগত লৈয়ে এই চনদখন গাঁৱৰ ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছে ৷ এই চনদত উল্লেখ কৰা দায়িত্ব পালনত পঞ্চায়ত কর্মীসকলে অৱহেলা বা অনিয়ম দেখুৱালে তাৰ বাবে উত্তৰদায়ী হ’ব লাগিব ৷ সাধাৰণ ৰাইজৰ অভিযোগৰ ভিত্তিত চনদত ব্যৱস্থা গ্রহণৰো বিষয়ে উল্লেখ কৰা হৈছে ৷ উল্লেখ্য যে এই চনদৰ গাঁৱত ক্ষুদ্র উদ্যোগ স্থাপনৰ বাবে আপত্তিবিহীন প্রমাণ–পত্র ১৫ দিনত লাভ কৰিব ৷ তদুপৰি ব্যৱসায়িক অনুজ্ঞাপত্রৰ বাবে আবেদন কৰিলে তিনি দিনৰ ভিতৰত প্রদান কৰা হ’ব ৷ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ প্রধান সচিব ডাঃ জে বি এক্কাই  আজিৰ অনুষ্ঠানত আদর্শ নাগৰিক চনদৰ মূল দর্শন আৰু উদ্দেশ্য ব্যাখ্যা কৰে৷ অনুষ্ঠানত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ সচিব মুনীন্দ্র শর্মা, ৰাজ্যিক গ্রামীন জীৱিকা মিছনৰ সঞ্চালিকা কৃষ্ণা বৰুৱা, অতিৰিক্ত আয়ুক্ত দীতিমণি পেগুকে ধৰি বিভাগটোৰ কেইবাজনো শীর্ষ বিষয়া উপস্থিত থাকে ৷

Post a Comment

0 Comments

Ads Area

close