শীঘ্ৰেই পৰীক্ষাৰ তাৰিখ ঘোষণাৰ সম্ভাৱনা, ৰে'লৱেৰ ১ লাখ ৩ হাজাৰ Group D ৰ পদত নিযুক্তি,
ৰে'লৱে নিযুক্তি বোৰ্ড (RRB)ৰ গ্ৰুপ ডি (Group D)ৰ পৰীক্ষাৰ জাননী অচিৰেই প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে । ২০১৯ৰ অক্টোবৰতেই অনুষ্ঠিত হ'ব লগা পৰীক্ষাটো সময়মতে অনুষ্ঠিত নহ'ল । পিছত কোৰোণাৰ কাৰণে এই পৰ্যন্ত স্থবিৰ হৈ আছে ৰে'লৱেৰ গ্ৰুপ ডিৰ পৰীক্ষা । RRB NTPC পৰীক্ষা সমাপ্ত হোৱাৰ পিছত গ্ৰুপ ডিৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।
ৰে'লৱেৰ ১ লাখ ৩ হাজাৰ গ্ৰুপ ডিৰ পদত নিযুক্তিৰ বাবে বিজ্ঞাপন দিয়া হৈছিল মাৰ্চ মাহৰ ২০১৯ চনতে । কিন্তু এতিয়ালৈ এই নিযুক্তিৰ বাবে পৰীক্ষাৰ দিন ঘোষণা কৰা হোৱা নাই । RRB NTPC ৰ সপ্তম পৰ্যায়ৰ পৰীক্ষা ৩১ জুলাইত সমাপ্ত হ'ল । এনে পৰিপ্ৰেক্ষিতত বিভিন্ন বাতৰিত প্ৰকাশ পোৱা মতে অতি শীঘ্ৰে গ্ৰুপ ডিৰ পৰীক্ষাৰ তাৰিখ ঘোষণাৰ সম্ভাৱনা আছে । অৱশ্যে এই পৰ্যন্ত ৰে'লৱে ৰিক্ৰুইটমেণ্ট বোৰ্ডৰ তৰফৰ পৰা কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই ।

উল্লেখ্য যে তিনিটা পৰ্যায়ত হ'ব এই নিযুক্তি প্ৰক্ৰিয়া । প্ৰথমে লিখিত পৰীক্ষাৰ জৰিয়তে প্ৰাৰ্থীৰ বাছনি কৰা হ'ব । দ্বিতীয়তে শাৰীৰিক দক্ষতা পৰীক্ষা হ'ব আৰু তৃতীয়তে হ'ব মেডিকেল পৰীক্ষা আৰু নথি-পত্ৰৰ পৰীক্ষণ । উত্তীৰ্ণসকলেহে চুড়ান্ত বাছনিৰ জৰিয়তে নিযুক্তি লাভ কৰিব ।