Ads Area

৩ কোটিকৈ টকা ৰাজ্য চৰকাৰে উচ্চ–উচ্চতৰ মাধ্যমিক স্কুলক দিব

আমাৰ দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰত পদার্পণ কৰিব অহা বর্ষত ৷ ইয়াৰ প্রতি লক্ষ্য ৰাখি অসমৰ শিক্ষাখণ্ডৰ বাবে এক অভিলাষী পদক্ষেপ গ্রহণ কৰিছে ৰাজ্য চৰকাৰে ৷ আজি বিৰোধীয়ে উত্থাপন কৰা কর্তন প্রস্তাৱৰ উত্তৰ দি এই বিষয়ে সদৰী কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ৷

৩ কোটিকৈ টকা ৰাজ্য চৰকাৰে উচ্চ–উচ্চতৰ মাধ্যমিক স্কুলক দিব

তেওঁ জানিবলৈ দিয়া অনুসৰি দেশে স্বাধীনতা লাভৰ ৭৫ বছৰত উপনীত হোৱাৰ সৈতে সংগতি ৰাখি ২০৯খন উচ্চ–উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্রতিখনকে আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা তিনি কোটি টকাকৈ প্রদান কৰা হ’ব ৷ সেইদৰে উৎকর্ষতাৰ কেন্দ্র হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ২,০০৫খন নিম্ন–উচ্চ প্রাথমিক বিদ্যালয়লৈ আগবঢ়োৱা হ’ব ৫০ লাখকৈ টকা

শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে সদৰী কয় যে -  ২২,৯২১টা শিক্ষকৰ খালী পদৰ নিযুক্তি সম্পূর্ণৰূপে নতুন হ’ব ৷ এই সন্দর্ভত শিক্ষামন্ত্রী কয় যে ইয়াৰে 

  • ১০ হাজাৰটা শিক্ষক পদ প্রাথমিক বিদ্যালয়ৰ
  • ১২,৯২১টা মাধ্যমিক পর্যায়ৰ  

এই পদসমূহ সম্পূর্ণৰূপে নতুন হ’ব ৷ এই পদত ঠিকাভিত্তিক ৰূপে কর্মৰতসকলক নিয়মীয়াকৰণ কৰা নহয় ৷ কর্তন প্রস্তাৱৰ সপক্ষে বক্তব্য আগবঢ়াই বিধায়ক অখিল গগৈয়ে শিক্ষক পদৰ নিযুক্তি সম্পূর্ণ স্বচ্ছতাৰে সম্পন্ন কৰাৰ হকে আগবঢ়োৱা বক্তব্যৰ উত্তৰ দি শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে ২০১২ চনত প্রথম টেট অনুষ্ঠিত হৈছিল আৰু ২০১৩ চনত ৮,৮৬৪টা শিক্ষক পদত প্রথম নিযুক্তি দিয়া হয়৷ তেতিয়াৰে পৰা শিক্ষক পদৰ নিযুক্তি সম্পূর্ণ স্বচ্ছতাৰে কৰি অহা হৈছে ৷ ইয়াৰ বাবে বেলেগে কোনোধৰণৰ পৰীক্ষা বা মৌখিক সাক্ষাৎকাৰ অনুষ্ঠিত কৰা নহয় ৷ টেট, উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰীক্ষাৰ নম্বৰৰ ভিত্তিত মেধাৰ তালিকা প্রস্তুতেৰে শিক্ষক নিযুক্তি প্রক্রিয়া সম্পন্ন কৰি অহা হৈছে 

Post a Comment

0 Comments

Ads Area

close