Ads Area

স্বামীৰ অজ্ঞাতে পত্নীৰ দেহ ব্যৱসায়

জেফ বেজ’ছ–মেকেঞ্জি স্কট, বিল গেটছ–মেলিণ্ডা, ব্রেড পিট–এঞ্জেলিনা জ’লিৰ বিবাহ বিচ্ছেদৰ পিছত আমেৰিকাত এক ধন কুবেৰ চিকিৎসক আৰু তেওঁৰ বিউটী কুইন পত্নীৰ হাই প্রফাইল বিবাহ বিচ্ছেদক লৈ সংবাদ মাধ্যমত সৃষ্টি হৈছে আলোড়ন ৷ এই দম্পতীৰ বৈবাহিক জীৱনৰ আভ্যন্তৰীণ কাহিনী জানিবলৈ উদ্গ্রীৱ হৈ পৰিছে সংবাদ মাধ্যম৷ চিকিৎসক হিচাপে আমেৰিকাৰ অভিজাত মহলত অতি পৰিচিত নাম হান জ’ কিম৷ ২০১৫ চনত মিছ কানেকটিকাট ৰেজিনা টার্নাৰৰ সৈতে বৈবাহিক সম্পর্ক স্থাপন হৈছিল কিমৰ ৷
স্বামীৰ অজ্ঞাতে ত্নীৰ দেহ ব্যৱসায়

মানহাট্টানৰ বিলাসবহুল এপার্টমেণ্টত দুয়োৰে যুগ্মজীৱন আৰম্ভ হৈছিল ৷ সুখেৰে প্রায় ৬ বছৰ পাৰ কৰে দুয়ো স্বামী–স্ত্রীয়ে ৷ কিন্তু জুলাই মাহত হঠাতে তেওঁলোকৰ বিবাহ বিচ্ছেদত আইনী ছীল–মোহৰ পৰে৷ ৪১ বছৰীয়া হান আৰু ৩২ বছৰীয়া ৰেজিনাই বিবাহ বিচ্ছেদৰ পিছতো কোনো তথ্য সংবাদ মাধ্যমক সদৰী কৰা নাই ৷
কিন্তু আদালতত হানে শিহৰণকাৰী অভিযোগ আনিছিল পত্নীৰ বিৰুদ্ধে৷ বিউটী কুইন ৰেজিনা আচলতে পতিতা ৷
দেহ ব্যৱসায়ৰ জৰিয়তে লাখ লাখ ডলাৰ অর্জন কৰিছে ৰেজিনাই ৷ এই কথা স্বামী হানে পত্নীৰ বিৰুদ্ধে আদালতত উল্লেখ কৰিছে ৷ আনকি আদালতত পত্নীক ছলনাময়ী আৰু মিথ্যাচাৰী বুলিও আখ্যা দিছে হানে৷ লক্ষণীয়ভাৱে কানেকটিকাট বিশ্ববিদ্যালয়ৰ বিজ্ঞানৰ স্নাতক বুলি ৰেজিনাই উল্লেখ কৰিছিল যদিও হানে পৰৱর্তী সময়ত পত্নীৰ শিক্ষা হাইস্কুলৰ তলৰ বুলি জানিব পাৰে ৷ এই বিষয়বোৰক লৈয়ে এতিয়া ধুমুহাৰ সৃষ্টি হৈছে মার্কিন সংবাদ মাধ্যমত৷ লক্ষণীয়ভাৱে আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ পুত্র জুনিয়ৰ ড’নাল্ডে টুইটাৰত ফল’ কৰে ৰেজিনাক ৷
Tags

Post a Comment

0 Comments

Ads Area

close