Ads Area

অসম চৰকাৰৰ ৫টা বিশেষ আঁচনি মহিলাৰ বাবে | 5 Special Schemes of the Government of Assam for Women

Government Scheme for Woman

অসম চৰকাৰে মহিলাসকলক স্বাৱলম্বী কৰাৰ বাবে  এটাৰ পিছত এটা নতুন আঁচনি আনিছে । অসম চৰকাৰৰ  বাহিৰেও বিভিন্ন ৰাজ্য চৰকাৰেও মহিলাসকলক আর্থিক আৰু সামাজিকভাৱে স্বাধীন কৰি তোলিবৰ বাবেও নতুন আঁচনি উলিয়াই আহিছে ৷ ইয়াত আপোনাৰ লোকক অসম চৰকাৰৰ পাঁচটা নতুন আঁচনি বিষয়ে বিতংভাৱে আলোচনা কৰিম । যাতে আপোনালোকে এই আঁচনি সমূহৰ সুবিধা লবলৈ পাৰে । 

government scheme for women

১. বিনামূলীয়া চিলাই মেচিন আঁচনি :

৫০ হাজাৰৰো অধিক মহিলাক কেন্দ্ৰীয় চৰকাৰে প্ৰতিখন ৰাজ্যত বিনামূলায়াকৈ চিলাই মেচিন প্ৰদান কৰে । এই আঁচনিৰ বাবে মহিলা সকলৰ বয়স ২০ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰত হলে চিলাই মেচিনৰ বাহে আবেদন কৰিব পাৰিব । এই আঁচনি মূল উদ্দেশ্য হৈছে দেশৰ দৰিদ্ৰ মহিলাসক কৰ্মসংস্থাপন কৰা ।

Apply Now Click Here

২. নিৰাপদ মাতৃত্ব আশ্বাস যোজনা :

২০১৯ চনত কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰে এই আঁচনি । এই আঁচনিৰ অধীনত চৰকাৰে গৰ্ভৱতী মহিলা আৰু নৱজাত শিশুক বিনামূলীয়া স্বাস্থ্য সেৱা আগবঢ়ায় । লগতে চিকিৎসালয়খনত প্ৰশিক্ষিত নাৰ্ছৰ তত্বাৱধানত মহিলাসকলক প্ৰসৱ কৰা হয় । এই আঁচনিৰ মূল উদ্দেশ্য হৈছে প্ৰসৱৰ সময়ত মাতৃ আৰু শিশুসকলক স্বাস্থ্য সম্পৰ্কে জ্ঞান দিয়া আৰু তেওঁলোকৰ মৃত্যু ৰোধ কৰা ।

For More Info Click Here

৩. প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা :

২০১৬ চনৰ ১ মে’ তাৰিখে মোডী চৰকাৰে এই আঁচনিখন উত্তৰ প্ৰদেশৰ বলিয়াৰ পৰা আৰম্ভ কৰিছিল ।আৰ্থিকভাৱে দৰিদ্ৰ মহিলাসকলৰ বাবে গেছ চিলিণ্ডাৰ যোগান ধৰাৰ বাবে এই আঁচনি খন আৰম্ভ কৰা হৈছিল । এই আঁচনিৰ অধীনত চৰকাৰে ৰাজসাহায্য প্ৰদান কৰে ।  যিসকল পৰিয়ালত বিপিএল কাৰ্ড আছে তেওঁলোকে এই আঁচনিৰ সুবিধা ল’ব পাৰিব ।

ভাৰত চৰকাৰে (PMUY) আঁচনিৰ অধীনত আকৌ অতিৰিক্ত 75 লাখ সংযোগ মুকলি কৰাৰ অনুমোদন জনাইছে, যাৰ ফলত আঁচনিৰ অধীনত সামগ্ৰিক লক্ষ্য 10.35 কোটিলৈ বৃদ্ধি পাইছে, যাৰ বিপৰীতে এতিয়া সংযোগ মুকলি কৰা হৈছে।

KYC From Click Here
Annexure 1 Click Here

৪. সুকন্যা সমৃদ্ধি যোজনা :

এই আঁচনিৰ ১০ বছৰতকৈ কম শিশুকণ্যাৰ সকলৰ বাবে । ১০ বছৰতকৈ কম শিশুকণ্যাৰ মা বা দেউতাকৰ বেংক একাউন্ট নাইবা ডাকঘৰৰ একাউন্ট খুলিবলৈ পাৰে, আৰু এই একাউন্টত প্ৰতি বছৰে ২৫০ টকা পৰা ১ লাখ ৫০ হাজাৰ টকা জমা কৰিবলৈ পাৰিব । যেতিয়া কণ্যাৰ বয়স ২১ বছৰ সম্পৰ্ণ হব তেতিয়া এই টকা সমূহ ৮% হাৰত সুদ দিয়া হয় ।

SSA From Click Here

৫.  বেটি বচাও বেটি পঢ়াও :

এই আঁচনিৰ মূল উদ্দেশ্য হৈছে মহিলা সবলীকৰণ আৰু মহিলাৰ লিংগ অনুপাত হ্ৰাস ৰোধ কৰা । ঘৰুৱা হিংসা প্ৰতিৰোধ, মহিলাক আইনী সুবিধা প্ৰদান ইত্যাদিও এই আঁচনিৰ অন্তৰ্গত ।  যিকোনো ধৰণৰ হিংসাৰ বলি হোৱা যিকোনো মহিলাই ১৮১ নং টোল ফ্ৰী নম্বৰত ফোন কৰি সহায় বিচাৰিব পাৰে ।

For More Info Click Here

Post a Comment

0 Comments

Ads Area

close