লাচিত বৰফুকন সৰুৰে পৰা অতি নিভীক, সৎ আৰু স্পষ্টবাদী আছিল । তেওঁৰ পিতৃ আহোম ৰজাৰ বৰবৰুৱা পদবীত থকা বাবে তেওঁ সৰুৰে পৰাই তেওঁৰ পিতৃৰ কাম-কাজ তথা বিভিন্ন ডা-ডাঙৰীয়াসকলৰ সৈতে হোৱা আলোচনাবোৰ প্রত্যক্ষ কৰাৰ সুবিধা লাভ কৰিছিল আৰু এইবোৰৰ পৰা তেওঁ বহুতো জ্ঞান তথা অভিজ্ঞতা আহৰণ কৰিছিল । যুৱ অৱস্থাত ভৰি দিয়ে তেওঁ নিজৰ দক্ষতাৰে আহোমৰ ৰজাঘৰত “হীচতিধৰা তামুলী” পদত নিযুক্তি লাভ কৰিছিল । এনেদৰে তেওঁ ৰজাঘৰত ক্ৰমে ঘোঁৰা বৰুৱা, দোলীয়া বৰুৱা, শিমলুগুৰীয়া ফুকন আদি পদৱী লাভ কৰিছিল। অৱশেষত, মিৰজুমলাৰ অসম আক্ৰমণৰ সময়ত দিখৌমুখত শত্ৰুপক্ষৰ সন্মুখত যি সমৰ দক্ষতা তথা পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছিল তাৰ পৰা তেওঁৰ পৰাক্ৰমৰ উমান পাই তেওঁক স্বৰ্গদেউ চক্ৰধ্বজ সিংহই আহোমৰ বৰসেনাপতি পাতি বৰফুকন পদতনিযুক্তি দিছিল ।
১৬৬৭ চনত আহোম-মোগলৰ যুদ্ধ আৰম্ভ হৈছিল । এইবাৰো লাচিতে তেওঁৰবীৰত্বৰ পৰিচয় দি মোগল সৈন্যক মানাহ নদী পাৰ কৰি খেদি পঠিয়াইছিল । অসমীয়া সৈন্যৰ হাতত হোৱা মোগলৰ এই পৰাজয়ৰ কথা সহ্য কৰিব নোৱাৰি এইবাৰ মোগল সম্ৰাট উৰংজেৱে সেনাপতি ৰামসিংহক অসম আক্ৰমণ কৰিবলৈ প্ৰেৰণ কৰিছিল । মোগলৰ বিশাল সৈন্যবাহিনী দেখিও লাচিত বৰফুকনে অলপো বিচলিত নহৈ শত্ৰুৰ সৈতে পৰাক্ৰমেৰে যুঁজ দিবলৈ অসমীয়া সৈন্যসকলক আহ্বান জনাইছিল আৰু সকলোকে নিজৰ কৰ্তব্যত অৱহেলা নকৰাৰ বাবে সকীয়নি দিছিল । তেওঁ উত্তৰ গুৱাহাটীৰ আমিনগীৱৰ ওচৰত শত্ৰু সৈন্যক ভেটা দিবলৈ এটা গড় নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল আৰু তাৰ চোৱা-চিতাৰ কাম তেওঁৰ এজন মোমায়েকক প্রদান কৰিছিল । কিন্তু গড় নিৰ্মাণৰ কাম পিছ পৰি থকাত গড় নিৰ্মাণস্থলীতে তেওঁ মোমায়েকক শিৰচ্ছেদ কৰি ‘দেশতকৈ মোমাই ডাঙৰ নহয়’ বুলি কৈ নিজ দেশভক্তিৰ পৰিচয় দিছিল । তেওঁৰ এই উগ্ৰমূৰ্তি দেখি সকলো বৰ শংকিত হৈছিল আৰু দুগুণ শক্তিৰে কাম কৰি ৰাতিৰ ভিতৰতে গড়ৰ কাম সম্পূৰ্ণ কৰি মোগল সৈন্যক ভেটা ‘ দিছিল । ইয়াতেই ১৬৭১ চনৰ মাৰ্চত আহোম-মোগলৰ শেষ যুদ্ধ তথা ইতিহাসপ্ৰসিদ্ধ
শৰাইঘাটৰ ৰণ সংঘটিত হৈছিল য’ত লাচিত বৰফুকনৰ সমৰ কৌশলতাৰ আগত বিশাল মোগল বাহিনী পৰাস্ত হৈছিল । এই যুদ্ধৰ সময়ত লাচিত বৰফুকন তীব্ৰ:– জ্বৰত ভুগিছিল যদিও তেওঁ নৰিয়া দেহৰ কথা পাহৰি দেশ ৰক্ষা কৰাৰ বাবে কঠোৰ _ স্থিতি গ্ৰহণ কৰিছিল আৰু প্রবল পৰাক্ৰমেৰে যুঁজি দেশ ৰক্ষা কৰিছিল । শৰাইঘাটৰ যুদ্ধৰ কিছুদিনৰ পিছতে গুৱাহাটীত লাচিত বৰফুকনৰ মৃত্যু হৈছিল । এনে এজন তুলনাবিহীন দেশপ্ৰেমিক বীৰৰ বীৰত্বৰ গীথাই প্ৰতিজন অসমীয়াৰে মনত সদায় দেশপ্ৰেমৰ ভাব জাগ্ৰত কৰি থাকিব ।

.jpeg)
.jpeg)