শিক্ষক দিৱসৰ ভাষণ অসমীয়া ভাষাত -
নমস্কাৰ
শ্ৰদ্ধাৰ অধ্যক্ষ, শিক্ষক-শিক্ষয়িত্ৰী সকল আৰু মোৰ মৰমৰ বন্ধুসকললৈ শুভ প্ৰভাত । আমি সকলোৱে জানো যে আমি আজি ইয়াত শিক্ষক দিৱস উদযাপন উপলক্ষে সমবেত হৈছোঁ ।
সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰী সকলে নিজৰ শিক্ষক সকলক শ্ৰদ্ধা জনাই এই দিৱস পালন কৰে । সঁচাকৈ কোৱা হৈছে যে শিক্ষকসকল আমাৰ সমাজৰ পিঠিৰ হাড়ৰ দৰে । "শিক্ষক হল এটা মমবাতিৰ নিচিনা যিয়ে নিজে গলি আনক পোহৰ দিয়ে" ছাত্ৰ-ছাত্ৰীৰ চৰিত্ৰ গঢ়ি তোলাত তেওঁলোকে এক বৃহৎ ভূমিকা পালন কৰে আৰু তেওঁলোকক ভাৰতৰ আদৰ্শ নাগৰিক হিচাপে গঢ়ি তোলে ছাত্ৰ-ছাত্ৰী সকলক ।
আমি ভাৰতত প্ৰতিবছৰে ৫ ছেপ্টেম্বৰত শিক্ষক দিৱস উদযাপন কৰোঁ । প্ৰথমতে আমি জানি লওঁ ৫ ছেপ্টেম্বৰ তাৰিখে কিয় শিক্ষক দিৱস হিচাপে পালন কৰা হয় ?
৫ ছেপ্টেম্বৰ তাৰিখে ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্ম জয়ন্তী উপলক্ষে তেখেতৰ জন্মদিনৰ স্মৃতিত শিক্ষক দিৱস উদযাপন কৰা হয় । দেশৰ ৰাষ্ট্ৰপতি ৰূপত এজন সফল নেতা হোৱাৰ সমান্তৰালভাৱে ড° সৰ্বেপল্লী ৰাধাকৃষ্ণন আছিল মহান পণ্ডিত আৰু এজন উৎকৃষ্ট শিক্ষক ।
ডাঃ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল ১৮৮৮ চনত তামিলনাডুৰ তিৰুটনীত । তেওঁৰ শিক্ষাৰ আৰম্ভণি স্থানীয় এখন প্ৰাথমিক বিদ্যালয়ৰ পৰা হয় । আৰু তাৰ পিছত তিৰুপতিৰ লুথাৰিয়ান মিছন হাইস্কুল, ভেল্ল’ৰৰ ভ’ৰহিছ কলেজ, আৰু তাৰ পিছত, মাদ্ৰাজ খ্ৰীষ্টান কলেজত, তেওঁ অধ্যয়ন কৰিছিল ।
১৯০৯ চনত মাদ্ৰাজৰ প্ৰেচিডেন্সি কলেজত দৰ্শনৰ শিক্ষক হিচাপে নিযুক্তি লাভ কৰে । আৰু ১৯২১ চনত কলিকতা বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে । তেওঁ অন্ধ্ৰ বিশ্ববিদ্যালয় আৰু বানাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ।
১৯৪৯ চনৰ পৰা ১৯৫২ চনলৈ তেওঁ ছোভিয়েট ইউনিয়নত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । আকৌ ১৯৫২ চনত স্বাধীন ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি আৰু ১৯৬২ চনত ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি হিচাপে কাম কৰিছিল । ১৯৭৫ চনৰ এপ্ৰিল মাহত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।
এইয়াই আছিল তেওঁৰ জীৱনৰ কিছু কথা
মোৰ ভাষণ সমাপ্ত কৰাৰ আগতে মই আৰু কিছু কথা কবলৈ উলাইছো ।
প্ৰথমে আমাৰ প্ৰতি থকা কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ বাবে আমাৰ বিদ্যালয়ৰ সকলো শিক্ষক-শিক্ষয়িত্ৰীলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
শিক্ষক সকল হৈছে এখন দেশৰ স্তম্ভ । তেওঁলোকে শিক্ষাৰ্থীৰ ভাগ্যক পথ প্ৰদৰ্শন আৰু গঢ় দিয়ে । তেওঁলোকে শিক্ষাৰ্থীক ভাল মানুহ হ’বলৈ শিকায় । এজন ছাত্ৰ-ছাত্ৰীৰ সফল কেৰিয়াৰৰ আঁৰৰ কাৰণ
শিক্ষক-শিক্ষয়িত্ৰী সকল ।
‘আমাৰ সন্মানীয় শিক্ষকসকল আপোনালোকে আমাৰ প্ৰতি কৰা সকলো কামৰ বাবে আমি আপোনালোকৰ প্ৰতি সদায় কৃতজ্ঞ’ হৈ থাকিম । আমি সদায় আমাৰ শিক্ষক সকলৰ নিৰ্দেশ মানি তেওঁলোকৰ পৰামৰ্শ মানি ভাৰতৰ যোগ্য নাগৰিক হ'বলৈ চেষ্টা কৰিম |
ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছো, সকলোকে পুনৰবাৰ ধন্যবাদ !!


TQ for this👍
ReplyDeleteWelcome Bro
Delete