Ads Area

Bihu Assamese Essay | অসমৰ জাতীয় উৎসৱ বিহু ৰচনা

অসমৰ জাতীয় উৎসৱ বিহু ৰচনা (Bihu Essay) : সম্পূৰ্ণ বিহুৰ ৰচনা যিকোনো পৰীক্ষাৰ বাবে । পঢ়ি ভাল পালে শ্বেয়াৰ কৰিব আৰু কিবা ভুল দেখিলে জনাব ।

Assamese Essay


আৰম্ভণি: প্রত্যেক দেশৰ প্ৰতিটো জাতিৰ নিজা একোটা জাতীয় উৎসৱ থাকে জাতিৰ জনসাধাৰণে নিৰ্দিষ্ট সময়ত সমূহীয়াকৈ পতা উৎসৱকে জাতীয় উৎসৱ বুলি কোৱা হয় । অসমৰ জাতীয় উৎসৱ হ’ল বিহু । বিহু কৃষি কৰ্মৰ লগত সম্পৰ্ক থকা উৎসৱ । বিহুতেই আমাৰ জাতীয় সংস্কৃতিৰ চিনাকী পোৱা যায়  ৷

বিৱৰণ: আমি বছৰত তিনিতা বিহু পালন কৰোঁহক । বছৰৰ আৰম্ভনিতে, অর্থাৎ চত-ব'হাগৰ দোমাহীত ৰঙালী বিহু, আহিন-কাতিৰ দোমাহীত কাতি বা কঙালী বিহু আৰু পুহ-মাঘৰ দোমাহীত মাঘ বা ভোগালী বিহু পতা হয় ।
চ'ত মাহৰ শেষৰ দিনা আৰু ব'হাগৰ প্ৰথম দিনা ৰঙালী বিহু বা ব’হাগ বিহু অনুষ্ঠিত হয়। এই সময়ত বসন্ত ঋতুয়ে প্রাকৃতিক শোভা বঢ়ায়। গছত কুঁহিপাত মেলে । সেউজীয়া আৱৰণে পৃথিৱীক জাতিস্কাৰ কৰে । নাহৰ,তগৰ,কপৌ,কেতেকী আদি ফুলবোৰ ফুলি গোন্ধে মল-মলাই থাকে। এনে পৰিবেশত মানুহৰ মনো ফৰকাল হয় । আনন্দ উছৱ পৰিৱেশত পতা এই বিহুক সেয়েহে ৰঙালী বিহু বুলিও কোৱা হয় । চ'তৰ শেষৰ দিনাৰে পৰা এই বিহু আৰম্ভ হয় । সেই দিনা গৰু বিহু৷ এই বিহু প্ৰকৃততে, গৰু-ম'হক মাহ-হালধী সানি ওচৰৰ নৈ, বিল, খাল বা পুখুৰী আদিত ধুৱাই সিহঁতক লাও, বেঙেনা, বৰ থেকেৰা, টিয়হ কেৰেলা আদিৰ টুকুৰা দলিয়াই গৰুম'হৰ শ্ৰীবৃদ্ধি কামনা কৰে। তাৰ পাছত নামঘৰ আদিত নাম গোৱা হয় । আবেলি জন্তুবোৰ ঘৰলৈ আহিলে সিবোৰক নতুন পঘাৰে বন্ধা হয় । চোতালত জুই জ্বলাই জাগ দিয়া হয় । গৰু-ম’হক দীঘলতী-মাখিয়তী গছৰ পাতে বিচা হয়। কোনোৱে নাহৰ পাতত মহাদেৱৰ মন্ত্ৰ লিখি ঘৰত খুচি ৰাখে- যাতে বতাহ-বৰষুণে অপকাৰ নকৰে । ৰাতিলৈ জেতুকা লয় ।

ব'হাগৰ প্ৰথম দিনা মানুহ বিহু৷ পুৱাই মানুহে মাহ-হালধী সানি গা-ধোৱে৷ নতুন গামোচা বা বিহুৱানেৰে গা মচি নতুন কাপোৰ পিন্ধে । কণিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনায় । ইজনে সিজনক বিহুৱান যাচে । নামঘৰত নাম-কীৰ্তন কৰি আনন্দ উছৱ কৰে । মানুহ বিহুৰ পাছ দিনা চেৰা বিহু । এই দিনা দৈ পয়তা ভাত খোৱা নিয়ম । চেৰা বিহুৰ পিছৰ দিনাৰে পৰা বিচনী ব্যৱহাৰ কৰা হয় । কোনো কোনোৱে ৰঙালী বিহু সাত দিনলৈকে পালন কৰে ।
ৰঙালী বিহু ৰঙৰ বিহু । গতিকে ঢোল, পেঁপা, তাল, টকা লৈ হুঁচৰি গায় । আগৰ দিনত হুঁচৰি গছৰ তলত, পথাৰত গাইছিল । কালক্ৰমত এই হুঁচৰি মানুহৰ ঘৰে-ঘৰে গোৱা হ’ল । দক্ষিণা আদি লোৱাৰ নিয়ম হ’ল । শোণিতপূৰ জিলাৰ কোনো কোনো অঞ্চলত এতিয়াও গছৰ তলত বিহুৰ হুঁচৰি গায় ৷ বৰ্তমান বিহু নগৰে-চহৰে সমূহীয়া ভাৱে সন্মিলন পাতি পালন কৰা হয় । বিহু সন্মিলনৰ দ্বাৰা সমন্বয় গঢ়ি উঠে । এই বিহু অসমৰ সকলো জনজাতিয়ে নিজৰ সংস্কৃতিৰে পালন কৰে । এই বিহুৰ পাছৰে পৰাই কৃষকে খেতি আৰম্ভ কৰে ।

আহিন-কাতিৰ দোমাহীত, অর্থাৎ আহিন মাহৰ শেষৰ দিনা কাতি বিহু বা কঙালী বিহু অনুষ্ঠিত হয়। এই বিহুত উলহ-মালহ কম। অভাব-অনাটনো হয় । সেয়েহে এই বিহুক কঙালী বিহু বুলি কোৱা হয় । বিহুৰ দিনা গৃহস্থৰ ঘৰে ঘৰে তুলসী ভেটি সাজি তুলসী পুলি ৰোৱে । আকাশ বন্তি জ্বলায় । নাম-কীৰ্ত্তন কৰা হয় । পথাৰত ঠন ধৰি উঠা ধান খেতিত বন্তি জ্বলোৱা হয় ।

পুহ মাহত খেতি চপোৱা কাম শেষ হয় । বতৰো ফৰকাল হয় । ভঁৰালত নতুন ধান, বাৰীত শাক-পাচলিৰে উভৈনদী হয় । এনে সময়ত পুহ মাহ আৰু মাঘৰ দোমাহীত মাঘ বিহু বা ভোগালী বিহু উৎসৱ পতা হয় । বিহুৰ আগদিনা উৰুকা । উৰুকাৰ দিনা ৰাইজে সমূহীয়া ভাৱে বিল, নৈত মাছ ধৰে । ৰাতি সকলোৱে একেলগে ভোজ খায় । খেৰ-নৰা-বাঁহ-কাঠেৰে মেজি আৰু ভেলাঘৰ সাজে। উৰুকাৰ ৰাতি উজাগৰে থাকি বিহুৰ দিনা পুৱাই মেজি আৰু ভেলা ঘৰত জুই জ্বলাই সেৱা কৰে । মেজি দপদপকৈ জ্বলি উঠে আৰু হিলৈৰ শৱদে বিহুক আদৰে । কণিষ্ঠজনে জেষ্ঠ্যজনক সেৱা কৰি আশীবাদ লয় । নাম-কীৰ্তন কৰি ঘৰে ঘৰে একেলগে খোৱা বোৱা কৰে ৷ এই বিহুত নানা ধৰণৰ জলপান, পিঠা আদি ঘৰে ঘৰে তৈয়াৰ কৰে । কাঠ আলু, ৰঙা আলু, মোৱা আলু আদিও খোৱা হয় । মুঠতে এই বিহু ভোগৰ বিহু । বিহু উপলক্ষে ঠায়ে ঠায়ে ম'হ যুজ, কুকুৰা,বুলবুলি চৰাইৰ যুঁজ, কণি যুজ আদি হয় । নাও খেলো এই বিহুৰ বৈশিষ্ট্য । মধ্য অসমত এই বিহু মহাসমাৰোহেৰে পতা হয় ।
সামৰণি: বিহু আমাৰ বাপতিসাহোন জাতীয় উৎসৱ । তিনিওটা বিহুৱেই আমাৰ বাবে প্ৰয়োজন | তাৰ ভিতৰত ৰঙালী বিহুত আনন্দ বেছি হয় । ইয়াত সকলোৱেই যোগ দিয়ে । বিহুৱে আমাক একতাৰ বান্ধোনেৰে বান্ধি ৰাখিছে৷ অসমীয়া জাতি থকা পর্যন্ত বিহু আমাৰ জাতীয় উৎসৱ হৈ থাকিব ।


Post a Comment

0 Comments

Ads Area

close