অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ মৌখিক পৰীক্ষাৰ দিন ঘোষণা ! মুকলি কৰিলে টোলফ্ৰী নম্বৰ
২১ জুলাইত অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ SI পদৰ মৌখিক পৰীক্ষা । ৩০৬ টা উপ-পৰিদৰ্শক পদৰ বাবে অনুষ্ঠিত হৈছিল লিখিত পৰীক্ষা ।
২৪ এপ্ৰিলত হোৱা লিখিত পৰীক্ষাৰ ফলাফল ১৪ জুনত ঘোষণা হৈছিল । গুৱাহাটীৰ কাহিলিপাৰাৰ চতুৰ্থ অসম আৰক্ষী বাহিনীত অনুষ্ঠিত হ’ব এই পৰীক্ষা |
১৭ জুলাইৰ পৰা পৰীক্ষাৰ্থীসকলে ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড সমূহ । পৰীক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে মুকলি কৰা হৈছে টোলফ্ৰী নম্বৰ ।
৮৯২৯২-০৭৬৬৮ নম্বৰত যোগাযোগ কৰিব পাৰিব পৰীক্ষাৰ্থীসকলে । বিজ্ঞপ্তিযোগে এই কথা সদৰী কৰিছে SLPRB-এ ।


