Ads Area

আপোনাৰ Aadhaar Cardত কেইটা ছিম সক্ৰিয় হৈছে আছে, অনলাইনত চাব পাৰে অতি সহজে

আপুনি আপোনাৰ পুৰণি আৰু অব্যৱহৃত নম্বৰটো আপোনাৰ আধাৰৰ পৰা সহজে পৃথক কৰিব পাৰে ।

adhar new update

আধাৰ কাৰ্ড এতিয়া অতি গুৰুত্বপূৰ্ণ নথি ৰূপে পৰিচিত হৈছে । আধাৰ কাৰ্ডৰ দ্বাৰা ছিম কাৰ্ডো উলিয়াব পাৰি । এনে অৱস্থাত আপোনাৰ আধাৰ কাৰ্ড ব্যৱহাৰ কৰি আনেও ছিম উলিয়াই ব্যৱহাৰ কৰি আছে নেকি, সেয়া জানিবলৈ আপুনি আপোনাৰ আধাৰ নম্বৰৰ সৈতে কিমানটা মোবাইল ছিম লিংক কৰা হৈছে সহজে জানিব পাৰে ।


যদি দেখিবলৈ পাই যে আপুনি ব্যৱহাৰ নকৰা ছিম কাৰ্ডো  (Mobile Sim) আপোনাৰ আধাৰ কাৰ্ডৰে (Aadhaar)  সংলগ্ন হৈ আছে, তেন্তে আপুনি ইয়াক অফ কৰিব পাৰে ।
চৰকাৰে আপোনাৰ আধাৰ নম্বৰত কিমানটা ছিম সক্ৰিয় কৰা হৈছে জানিবলৈ এটা প'ৰ্টেলও উলিয়াইছে । দূৰসংযোগ বিভাগে (DoT)  শেহতীয়াকৈ টেলিকম এনালিটিক্স ফৰ ফ্ৰড মেনেজমেণ্ট এণ্ড কনজুমাৰ প্ৰটেকচন (TAFCOP) প'ৰ্টেল মুকলি কৰিছে । এই প'ৰ্টেলৰ জৰিয়তে ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ আধাৰ নম্বৰৰ সৈতে সম্পৰ্কিত সকলো ফোন নম্বৰ পৰীক্ষা কৰিব পাৰে ।
TAFCOP ৱেবছাইটৰ জৰিয়তে আপোনাৰ অজ্ঞাতে আধাৰ নম্বৰৰ সৈতে মোবাইল নম্বৰ লিংক কৰিছে, আপুনি ইয়াৰ বিষয়ে অভিযোগো কৰিব পাৰে । ইয়াৰ উপৰিও আপুনি আপোনাৰ পুৰণি আৰু অব্যৱহৃত নম্বৰটো আপোনাৰ আধাৰৰ পৰা সহজে পৃথক কৰিব পাৰে ।


লিংক কৰা ছিম কেনেদৰে পৰীক্ষা কৰিব

  1. আপোনাৰ আধাৰৰ সৈতে সংযোজিত মোবাইল ছিমৰ বিষয়ে জানিবলৈ আপুনি প্ৰথমে https://tafcop.dgtelecom.gov.in/ যাব লাগিব ।
  2. আপুনি ইয়াত আপোনাৰ ফোন নম্বৰ প্ৰবিষ্ট কৰিব লাগিব ।
  3. ইয়াৰ পিছত আপুনি 'Request OTP' বুটামত ক্লিক কৰিব লাগিব ।
  4. ইয়াৰ পিছত আপুনি আপোনাৰ ম'বাইল নম্বৰত OTP প্ৰবিষ্ট কৰিব লাগিব ।
  5. তাৰ পিছত আপোনাৰ আধাৰ নম্বৰৰ সৈতে সম্পৰ্কিত সকলো নম্বৰ ৱেবছাইটত প্ৰদৰ্শিত হ'ব ।
  6. ইয়াতে আপুনি ব্যৱহাৰ নকৰা বা আৰু প্ৰয়োজন নোহোৱা নম্বৰবোৰ ব্লক কৰিব পাৰে ।

Post a Comment

0 Comments

Ads Area

close