মেটাভাৰ্ছ হ’ল অনলাইন ৱৰ্ল্ড, য’ত জনতাই ভাৰ্ছুৱেল স্পেচ ব্যৱহাৰ কৰি কমিউনিকেট কৰে ।
জনপ্ৰিয় ছচিয়েল মিডিয়া এপ ফেচবুক (Facebook)–এ নিয়োগ কৰিব প্ৰায় ১০হাজাৰ কৰ্মী । ফেচবুকৰ ফালৰ পৰা জনোৱা হৈছে যে আগন্তুক ৫ বছৰৰ ভিতৰত ইউৰোপিয়ান ইউনিয়নৰ পৰা প্ৰায় ১০ হাজাৰ কৰ্মী তেওঁলোকৰ প্ৰতিষ্ঠানত নিয়োগ কৰা হ’ব । সোমবাৰে ফেচবুকৰ ফালৰ পৰা জনোৱা হৈছে, তেওঁলোকৰ মেটাভাৰ্ছ (Metaverse) আৰু অধিক উন্নত কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
মেটাভাৰ্ছ হ’ল অনলাইন ৱৰ্ল্ড, য’ত জনতাই ভাৰ্ছুৱেল স্পেচ ব্যৱহাৰ কৰি কমিউনিকেট কৰে । ফেচবুকৰ এই নতুন আন্তঃগাঁথনি উন্নত কৰি তুলিবৰ বাবে আৰু তেওঁলোকৰ পৰিসৰ সকলোৰে ওচৰলৈ পঠিয়াবলৈ নিয়োগ কৰা হ’ব এইসকল কৰ্মীক । সমগ্ৰ বিশ্বত ফেচবুকৰ এই নতুন পৰিধি আরু বৃদ্ধিৰ বাবে এই বিপুল সংখ্যক কৰ্মী নিয়োগ কৰা হ’ব ।
ফেচবুকৰ এই নতুন কনচেপ্ট নিঃসন্দেহে এক আলোড়ন সৃষ্টিকাৰী পদক্ষেপ হ’বলৈ গৈ আছে। ফেচবুকৰ কৰ্ণধাৰ মাৰ্ক জুকাৰবাৰ্গে ছেপ্টেম্বৰ মাহত এই নতুন মেটাভাৰ্ছ সম্পৰ্কে ঘোষণা কৰিছিল । ফেচবুকৰ ফালৰ পৰা ইয়াৰ বাবে প্ৰায় ৫০ মিলিয়ন ডলাৰ বিনিয়োগ কৰা হ’ব তেওঁলোকৰ নতুন মেটাভাৰ্ছ বিল্ডআপ কৰাৰ বাবে ।
বহু পূৰ্বৰে পৰা ৰোবলক্স ক্ৰপ (Roblox Crop) আরু ফোৰ্টনাইটৰ (Fortnite) দৰে কোম্পানীয়ে এই ধৰণৰ এই ধৰণৰ গেম প্ৰস্তুত কৰিলেও ফেচবুকৰ ফালৰ পৰা এয়া নতুনকৈ আৰম্ভ কৰা হৈছে । ফেচবুকৰ ফালৰ পৰা নতুন নতুন ক্ষেত্ৰত বিনিয়োগ কৰাৰ কথা বহু আগতেই জনোৱা হৈছিল । এইবাৰ ফেচবুকৰ ফালৰ পৰা তাৰেই শুভ সূচনা কৰা হ’ল ।
