শুকুৰবাৰে গুৱাহাটী পৌৰ নিগমৰ সহকাৰী অভিযন্তা দিবাকৰ মালীক উৎকোচ লোৱাৰ সময়ত হাটে লোটে ধৰে দুৰ্নীতি নিবাৰক অপৰাধ অনুসন্ধান শাখাৰ এটা দলে ।
৫ হাজাৰ উৎকোচ লোৱাৰ সময়তে অভিযানকাৰী দলে ফাঁচী বজাৰ কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰে দিবাকৰ মালীক ।
শিৱানছ এণ্টাৰপ্ৰাইজে কৰা এটা ঠিকাৰ বিলৰ নামত সহকাৰী অভিযন্তা দিবাকৰ মালীয়ে ৩০ শতাংশ কমিছন বিচাৰিছিল ।
উৎকোচ বিচৰাৰ কথা দুৰ্নীতি নিবাৰক শাখাক জনাইছিল এণ্টাৰপ্ৰাইজৰ বিষয়-ববীয়া মানস বৰ্মন, দিগন্ত ডেকা আৰু তাবিজ বড়োৱে ।
ইয়াৰ পিছতে দুৰ্নীতি নিবাৰক শাখাৰ নিৰ্দেশ অনুসৰি কমিছনৰ আগধন হিচাপে ৫ হাজাৰ টকাৰ দিয়াৰ সময়তে মালীক হাতে লোটে ধৰে ।
উল্লেখ্য যে ২০১৮-২০ লৈ নলা-নৰ্দমা চাফাইৰ নামত ঠিকা লাভ কৰিছিল প্ৰতিষ্ঠানটোৱে ।
