Ads Area

বয়স কেৱল মাত্ৰ ১ বছৰ, কিন্তু মাহে উপাৰ্জন কৰে ৭৫ হাজাৰ টকা..কেনেকৈ সম্ভৱ..!

বয়স কেৱল মাত্ৰ ১ বছৰ, কিন্তু মাহে উপাৰ্জন কৰে ৭৫ হাজাৰ টকা..কেনেকৈ সম্ভৱ..!

Briggs
Briggs

১৪ অক্টোবৰ তাৰিখে সম্পূৰ্ণ কৰে ১ টা বছৰ । বিগত বৰ্ষৰ ১৪ অক্টোবৰত জন্ম লাভ কৰা এটা শিশুৱে যিয়ে, বৰ্তমানে মাহে উপাৰ্জন কৰে ৭৫ হাজাৰ টকা । শিশুটিয়ে কথা কবলৈয়ো ভালদৰে শিকা নাই । তেতিয়াহলে কেনকৈ উপাৰ্জন কৰে ইমান টকা ।

সেই শিশুটিৰ নাম হৈছে ব্ৰিগছ ( Briggs ). সামাজিক মাধ্যমৰ জৰিয়তে ব্ৰিগছে প্ৰতিমাহে প্ৰায় ১ হাজাৰ ইউ এছ ডলাৰ উপাৰ্জন কৰে । আমাৰ ভাৰতীয় হিচাপত ৭৫ হাজাৰ টকা প্ৰতি মাহত ।

ব্ৰিগছৰ নামত ইনষ্টাগ্ৰামত আছে এটা একাউণ্ট । যি একাউণ্ট ব্ৰিগছৰ মাতৃয়ে পৰিচালনা কৰে । এবছৰ বয়সতে ব্ৰিগছে বৰ্তমানলৈ ৪০ বাৰ বিমান যাত্ৰা কৰিছে । আৰু সেই বিমান যাত্ৰাৰ লগতে ফুৰিবলৈ যোৱা ঠাইৰ ভিডিঅ বনাই ইনষ্টাগ্ৰামত আপলোড কৰে ব্ৰিগছ মাতৃয়ে ।

ইয়াৰ জৰিয়তেই এইদৰে উপাৰ্জন হয় ব্ৰিগছ প্ৰতি মাহে ৭৫ হাজাৰ টকা । ব্ৰিগছ ঘৰ আমেৰিকাত । বৰ্তমানলৈ আমেৰিকাৰ বহু ঠাই ফুৰিছে ব্ৰিগছে । অৱশ্যে এই যাত্ৰাৰ বাবে সকলো টকা বা খচৰ ইনষ্টাগ্ৰামৰ ফালৰ পৰাই লাভ কৰে ব্ৰিগছৰ মাতৃয়ে ।

Briggs
Tags

Post a Comment

0 Comments

Ads Area

close