কাতি বিহুৰ মহত্ব
আপুনি জনা নজনা কিছু কথা ।
1. আজিৰ দিনটোত সূৰ্য কন্যা ৰাশিৰ পৰা তুলা ৰাশিলৈ গতি কৰে।
2. লগে লগে সূৰ্য্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব বৃদ্ধি পাবলৈ ধৰে।
3. সেয়েহে ঘৰে-পথাৰে চাকি জ্বলাই সূৰ্য্যৰ মহাশক্তিৰ পুনৰ উত্থান কামনা কৰা হয়।
4. এই বন্তি প্ৰজ্বলনক কোৱা হয় দীপদান।
5. দীপদান আৰম্ভ কৰোঁতে এই শ্লোকটো গায় --
" ওঁ দামোদৰায় নভসি তুপায়াং লোলয়াসহ প্ৰদীপন্তে প্ৰণচামি নমোসন্তায় বেধসে"।
6. দীপদানৰ বিজ্ঞানসন্মত এটা ব্যাখ্যা হ'ল যে এই সময়তে ধানে গেঁৰ মেলে । অৰ্থাৎ ফুলে।
7. অনিষ্টকাৰী পোক-পতঙ্গৰ পৰা পৰিত্ৰাণ পাবলৈকে পথাৰত চাকি জ্বলোৱা হয় যাতে জুইত পৰি সেই কীট-পতঙ্গবোৰ জাহ যায় ।
8. আজি তুলসীৰ তলতো চাকি জ্বলোৱা হয়।
9. তুলসীক বৈষ্ণৱী, বিষ্ণুবল্লভা, মঞ্জৰী, হৰিপ্ৰিয়া আদি নামেৰেও জনা যায়।
10. তুলসীৰ Scientific নাম ocimum tenuifloram বা Ocimum sanctum.
11. তুলসী সাধাৰণতে তিনিবিধ।
12. শ্ৰীতুলসী (সেউজীয়া), কৃষ্ণ তুলসী বা শ্যাম তুলসী(শ্যাম বৰণীয়া বা বেঙুনীয়া) আৰু ৰাম তুলসী (ঈষৎ মুগা)।
13. কৃষ্ণ তুলসীৰ আদৰ আটাইতকৈ বেচি।
14. তুলসীয়ে বায়ু আৰু জল প্ৰদূষণ দূৰ কৰে।
15. উৎসত লাখ লাখ জোপা তুলসীৰ মাজেদি বৈ অহা কাৰণেই গঙ্গাজল পবিত্ৰ বুলি কোৱা হৈছিল।
16. তুলসী গছে দিনত কাৰ্বন ডাই অক্সাইড গেছ গ্ৰহণ কৰি ৰাতি প্ৰচুৰ পৰিমানৰ অক্সিজেন গেছ এৰি দিয়ে।
17. দৰাৰ মুৰত তুলসী পাতৰ মালা পিন্ধাই দিয়া হয় যাতে মানুহৰ মাজত অক্সিজেন কম হ'লে তুলসীৰ পাতে সেই অভাৱ পুৰণ কৰিব পাৰে।
18. এজোপা ডাঙৰ তুলসী গছে প্ৰায় ১২ বৰ্গফুট ঠাই প্ৰদূষণমুক্ত কৰি ৰাখিব পাৰে।
19. সন্ধিয়া তুলসীৰ তলত চাকি বা বন্তি (বহুতে চাকি- বন্তি বুলি কয় যদিও দুয়োটাৰে অৰ্থ একে) জ্বলাই " *তুলসীৰ তলে মৃগ পহু চৰে তাক দেখি ৰামচন্দ্ৰই শৰধনু ধৰে। নধৰিবা ধনু শৰ সীতাই দিয়ে হাক বনৰ পহু বনত চৰে নামাৰিবা তাক* " বুলি গায়।
20. কিছুমানে হৰধনু বুলি গায় বা লিখে যদিও প্ৰকৃততে শৰধনুহে হ'ব লাগে।
