Ads Area

ব্ৰহ্মপুত্ৰ নদীত জঁপিয়াই আত্মহত্যা এগৰাকী টেট শিক্ষয়িত্ৰীৰ

বিশ্বনাথত এগৰাকী টেট শিক্ষয়িত্ৰীয়ে আত্মহত্যা কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে । বিশ্বনাথ ঘাটৰ ব্ৰহ্মপুত্ৰ নদীত জঁপিয়াই আত্মহত্যা কৰে শিক্ষয়িত্ৰী গৰাকীয়ে ।

Suiside Techar


জানিবৰ পৰা মতে শিক্ষয়িত্ৰী গৰাকী নাম - প্ৰিয়ংকা গগৈ । উত্তৰ চতিয়া হাইস্কুলৰ শিক্ষয়িত্ৰী । নদীত জাঁপ দিয়া শিক্ষয়িত্ৰী গৰাকীক স্থানীয় ৰাইজে নাৱৰ জৰিয়তে মৃত অৱস্থাত উদ্ধাৰ কৰে ।

ঘটনাৰ বিৱৰণী অনুসৰি শিক্ষয়িত্ৰী গৰাকীয়ে আজি পুৱা স্কুটিত তেল ভৰাম বুলি ঘৰৰ পৰা ওলাই আহি পেট্ৰ’ল পাম্পৰ পৰিৱৰ্তে উপস্থিত হয় বিশ্বনাথ ঘাটত ।

বিশ্বনাথ ঘাটত স্কুটি ৰাখি ব্ৰহ্মপুত্ৰ নদীত জঁপিয়াই মহিলা গৰাকীয়ে ।

মহিলা গৰাকীৰ স্বামীয়ে উল্লেখ কৰা অনুসৰি দীৰ্ঘ দিন ধৰি মানসিক ৰোগত আক্ৰান্ত হৈ আছিল পত্নী । পূৰ্বেও আত্মহত্যা কৰাৰ চেষ্টা চলাইছিল প্ৰিয়ংকাই ।

অৱশ্যে আৰক্ষীৰ তদন্ততহে প্ৰকাশ পাব ঘটনাৰ আঁৰৰ প্ৰকৃত ৰহস্য ।

Tags

Post a Comment

0 Comments

Ads Area

close