Ads Area

Horror Story In Jungle

১০ দিন এহাল নৱ দম্পতী গভীৰ জংঘলত ।  নিশা গছৰ ওপৰতে কটালে, কাৰণ গছৰ পৰা নামিলেই শেষ হ’লহেঁতেন জীৱন ।



Horror Story In Jungle
Horror Story In Jungle

এই নৱ দম্পতী হাল বিয়াৰ পিছত হনীমুনলৈ নগৈ গৈছিল জংঘলত এডভেঞ্চাৰ কৰিবলৈ । জংগলৰ মাজত এটা নিশা কটোৱা উদ্দেশ্য আছিল তেওঁলোকৰ । কিন্তু এই  অভিজ্ঞতা যে ইমান ভয়ংকৰ হ’ব, তেওলোকৰ বাবে সেয়া সপোনতো ভৱা নাছিল । তেওঁলোকে জংঘলৰ মাজত ১০টা নিশা কটাবলগীয়া হোৱা ভয়ংকৰ অভিজ্ঞতা শ্বেয়াৰ কৰিছে । 
 
দম্পতী হালৰ নাম আছিল এণ্টন আৰু নিনা বোগদানোভ । তেওঁলোকে চাইবেৰিয়াৰ কামচাটকা অঞ্চলৰ এখন হাবিলৈ গৈছিল । তেওঁলোকে কিছুদূৰ গৈয়েই তেওঁলোকৰ গাড়ীৰ টায়াৰ ফচি যায় এটা গাঁতত । তাৰ পৰাই আৰম্ভ হ’ল দুৰ্ভোগ। কাৰণ জংঘলৰ ভিতৰত নাছিল ম’বাইল নেটৱৰ্ক, কোনো গাড়ী বা মানুহৰ দেখাদেখি । তেওঁলোকে কিছু দূৰৰ Banniye Springs–ৰ ট্যুৰিষ্ট বেছলৈ যোৱাটো ঠিক কৰিলে ।

কিন্তু হঠাৎ তেওঁলোকৰ ফালে খেদি আহে এটা ভালুকে । তেওঁলোকে বহুদূৰ দৌৰাৰ পিছতো ভালুকটোৱে পিছ এৰা নাছিল । দম্পতীহালে জোপা গছত উঠিল ভালুকটোৱে ঢুকি পোৱাৰ পূৰ্বে  ।
কিন্তু তেওঁলোকক ভালুকটোৱে এৰি নগ’ল । গছৰ তলতে ৰৈ থাকিল চিকাৰৰ অপেক্ষাত ভালুকটো ।

তেওঁলোকে গছৰ ডাল, পানীৰ বটল আদি দলিয়াই ভালুকটো খেদি পঠিওৱাৰ চেষ্টা চলালে । কিন্তু কোনো কামত নাহিল । প্ৰায় দুদিন ধৰি গছৰ ওপৰতে বহি থকাৰ পিছত গছজোপাৰ পৰা নামি পলায়নৰ চেষ্টা কৰে এণ্টন আৰু নিনাই । কিন্তু পুনৰ তেওঁলোকলৈ চোঁচা লয় ভালুকটোৱে । তাৰ পিছত আন এজোপা গছত উঠিবলৈ বাধ্য হয় স্বামী–স্ত্ৰী । তাৰ পিছত গছৰ ওপৰত আৰু ৮ দিন ।

অৱশেষত ইমান দিন অপেক্ষা কৰি ভালুকটোৱে হাৰ মানিলে । ভালুকটোৱে আন চিকাৰৰ সন্ধানত গুচি যায় । নৱ দম্পতী হাল ইমান দিনে অনাহাৰে–অনিদ্ৰাই থাকিবলগীয়া হৈছিল । তেওঁলোকে ভোকত প্ৰায় আধামৰা অৱস্থাত এটা উদ্ধাৰকাৰী দল দেখিবলৈ পায় । তেওঁলোক উপস্থিত হৈ দুয়োকে উদ্ধাৰ কৰি লৈ যায় নৱ দম্পতী হালক ।
Tags

Post a Comment

0 Comments

Ads Area

close