Ads Area

অসমৰ মন্ত্ৰীসভাৰ কেবিনেট বৈঠক

আজি অসমৰ মন্ত্ৰীসভাৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় । এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেইটা তলত দিয়া হ'ল । বৈঠক ১ নম্বৰ

অসমৰ মন্ত্ৰীসভাৰ কেবিনেট বৈঠক

  1. প্ৰধানমন্ত্ৰী কিষাণ আঁচনিৰ হিতাধিকাৰীৰ পৰিসৰ বৃদ্ধি একচনীয়া পট্ৰা, তৌজি পট্ৰাৰ অধিকাৰী, বনাঞ্চল অধিকাৰী যোগ‍্য কৃষকে ধৰি ক্ষুদ্ৰ চাহ খেতিয়ক, উদ‍্যান শস‍্য খেতিয়ক, খেৰিজ, দেৱোত্তৰ মাটিৰ খেতিয়কসকলক প্ৰধানমন্ত্ৰী কিষাণ নিধিৰ আওতালৈ অনাৰ সিদ্ধান্ত

  • পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহক জড়িতকৰণেৰে শিক্ষা সংস্কাৰ
    1. জিলা পৰিষদৰ সভাপতিৰ অধ‍্যক্ষতাত প্ৰতি খন জিলাত শিক্ষা সতৰ্কতা আৰু নিৰীক্ষণ সমিতি গঠন
    2. প্ৰতিটো খণ্ডত আঞ্চলিক পঞ্চায়তৰ সভাপতিৰ অধ‍্যক্ষতাত শিক্ষা সতৰ্কতা আৰু নিৰীক্ষণ সমিতি গঠন
    3. পলসুৱা মাটি আহৰণ নদীৰ পলসুৱা মাটি উঠোৱাৰ ক্ষেত্ৰত জিলা উপায়ুক্তক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান বালি আৰু শিল আহৰণৰ ক্ষেত্ৰত পৰিৱেশ আৰু বন বিভাগৰ প্ৰচলিত নিয়মাৱলী প্ৰষোজ‍্য হ'ব

    বৈঠক ২ নম্বৰ

     বিত্তীয় সমিতি গঠন অনুমোদন

    1. ২ কোটি ব‍্যয়সাপেক্ষ প্ৰকল্পৰ ক্ষেত্ৰত বিভাগীয় বিত্তীয় সমিতিয়ে অনুমোদন সিদ্ধান্ত গ্ৰহণ কৰিব । প্ৰতি সোমবাৰে অনুষ্ঠিত হ'ব সমিতিৰ বৈঠক ।
    2. ২ৰ পৰা ১০ কোটি ব‍্যয়সাপেক্ষ প্ৰকল্পৰ বাবে মুখ্য সচিবৰৰ অধ‍্যক্ষতাত স্থায়ী ভিত্তীয় কমিটিৰ অনুমোদন ক্ষমতা থাকিব । প্ৰতি মঙ্গলবাৰে অনুষ্ঠিত হ'ব সমিতিৰ বৈঠক 
    3. ১০ ৰ পৰা ১০০ কোটি ব‍্যয়সাপেক্ষ প্ৰকল্পৰ ক্ষেত্ৰত বিত্তমন্ত্ৰীৰ অধ‍্যক্ষতাত বিশেষ স্থায়ী কমিটিয়ে বিবেচনা কৰিব আৰু অনুমোদনৰ সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিব । প্ৰতি বৃহস্পতি বাৰে অনুষ্ঠিত হ'ব সমিতিৰ বৈঠক ।
    4. ১০০ কোটি টকাৰ অধিক ব‍্যয়সাপেক্ষে প্ৰকল্পসমূস কেবিনেটৰ সিদ্ধান্ত অনুসৰি গ্ৰহণ কৰা হ'ব ।

    খিলঞ্জীয়া তথা জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ গঠনৰ সিদ্ধান্ত আজি গৃহীত কৰা হয় ।

    1. পুৰাতাত্ত্বিক সঞ্চালকালয়
    2. সংগ্ৰহিলয় সঞ্চালকালয়
    3. পুৰাতত্ব আৰু বুৰঞ্জী অধ্যয়ন সঞ্চালকালয়

     বৈঠক ৩ নম্বৰ

    নিযুক্তিত অনুমোদন

    1. প্ৰাক্তন সাংসদ তথা মন্ত্ৰীৰ শ্ৰীৰাজেন গোহাঁইক খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডৰ অধ‍্যক্ষ হিচাপে নিযুক্তিকৰণৰ দ্বাৰা কেবিনেট মৰ্যদা প্ৰদান । 
    2. অধ‍্যপক ড: ননীগোপাল মহন্তক অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা হিচাপে নিযুক্তি কৰি ৰাজি‍্যক মন্ত্ৰী মৰ্যদা প্ৰদান কৰে ।

    জল জীৱন মিছন । ক্ষমতাৰ বিকেন্দ্ৰীকৰণ

    1. অভিভাৱক মন্ত্ৰীৰ অনুমোদনত ১০ কোটি টকালৈকে পুজি ব‍্যৱহাৰৰ বাবে উপায়ুক্তসকলক কৰ্তৃত্ব প্ৰদান কৰে ।
    2. মিছনৰ ৰোপায়ণ সম্পৰ্কীয় সকলো বিষয়ৰ কাৰ্যকৰীকৰণৰ বাবে উপযুক্তৰ নেতৃত্বত এখন স্থায়ী সমিতি গঠন কৰে ।

    Post a Comment

    0 Comments

    Ads Area

    close