Ads Area

প্ৰতিমাহে লাভ কৰিব ৫০০০ টকাকৈ মাত্ৰ ৭ টকা বিনিয়োগ কৰি

Pension Scheme :----

অৱসৰৰ পিছত কাৰো মুখলৈ চাই থাকিব নিবিচাৰিলে প্ৰথমৰে পৰা সেই পৰিকল্পনা কৰিব লাগিব । কেন্দ্ৰীয় চৰকাৰৰ এখন উত্তম পেঞ্চন আঁচনি যিয়ে জীৱনক নতুনকৈ গঢ়ি তোলাত সহায় কৰে। ১৮ৰ পৰা ৪০ বছৰ বয়সৰ লোকসকলে এই আঁচনিৰ জৰিয়তে জীৱন আনন্দময় কৰি তুলিব পাৰে । এই আঁচনিত ১ হাজাৰ, ২ হাজাৰ, ৩ হাজাৰ, ৪ হাজাৰ আৰু ৫ হাজাৰ টকাৰ গেৰাণ্টী পেঞ্চন পোৱা যায়। অটল পেঞ্চন যোজনাৰ অধীনত নাম নথিভুক্ত কৰিবলৈ গ’লে ছেভিংছ একাউণ্ট, আধাৰ কাৰ্ড আৰু ম’বাইল নম্বৰ প্ৰয়োজন । 

Pension Scheme

PFRDAৰ ফালৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত অটল পেঞ্চন যোজনাত নাম নথিভুক্ত কৰাৰ বয়স বৃদ্ধিৰ বাবে আবেদন কৰা হৈছে । প্ৰতি মাহত বেংক একাউণ্টৰ পৰা পেঞ্চনৰ বাবে টকা কটা হয়। ইয়াৰ জৰিয়তে অৱসৰৰ পিছত মাহত একৰ পৰা পাঁচ হাজাৰ টকা পৰ্যন্ত পেঞ্চন পোৱা যাব । প্ৰতি ৬ মাহত ১২৩৯ টকাকৈ জমা দিলে ৬০ বছৰ পিছত ৫,০০০ টকাকৈ মাহত আৰু ৬০,০০০ টকাকৈ নিশ্চিত বাৰ্ষিক পেঞ্চন ।এই আঁচনিৰ অধীনত প্ৰতিদিনে মাত্ৰ ৭ টকাকৈ জমা কৰিলে মাহিলি ৫০০০ টকাকৈ পেঞ্চন পোৱা যাব। মাহত ১০০০ টকাকৈ পেঞ্চন পাবলৈ হ’লে ৪২ টকাকৈ জমা কৰিব লাগিব, ২০০০ টকাকৈ পেঞ্চন পাবলৈ ৮৪ টকাকৈ, ৩০০০ টকাকৈ পেঞ্চন পাবলৈ ১২৬ টকা, ৪০০০ টকাকৈ পেঞ্চন পাবলৈ মাহিলি ১৬৮ টকাকৈ জমা দিব লাগিব ।  ধৰি লওক, কাৰোবাৰ বয়স ৩৫ বছৰ, তেন্তে ২৫ বছৰ প্ৰিমিয়াম দিব লাগিব। সেইক্ষেত্ৰত ৬ মাহত মুঠ বিনিয়োগ হ’ব ৫,৩২৩টকা, মুঠ ২.৬৬ লাখ টকা। ইয়াৰ ভিত্তিতে মাহিলি ৫ হাজাৰ টকা পেঞ্চন লাভ কৰিব । ১৮ বছৰ বয়সৰ পৰা আঁচনিত নথিভুক্ত কৰিলে মুঠ জমা দিব লাগিব ১.০৪ লাখ টকা। অৰ্থাৎ একেই ধন পেঞ্চন পাবলৈ ল’লে ১.৬০ লাখ টকা বিনিয়োগ কৰিব লাগিব ।
তিনি ধৰণে ইয়াত ধন জমা কৰিব পাৰি, মাহিলি, তিনিমাহ আৰু ৬ মাহ। এজন লোকে কেৱল এটাহে একাউণ্ট খুলিব পাৰিব । ৬০ বছৰৰ পূৰ্বে পেঞ্চন ধাৰকৰ মৃত্যু হ’লে সমস্ত টকা পত্নী বা নমিনিয়ে পাব ।


Post a Comment

0 Comments

Ads Area

close