দয়াল কৃষ্ণ পাঠক নামৰ লোক জনে নিজ ৪ বছৰীয়া সন্তানৰ সন্মুখতে পত্নীক ডেগাৰ দেখুৱাই উলংগ কৰি বনালে ভিডিঅ । তাৰ পিছত কৰিলে ভাইৰেল ছচিয়েল মিডিয়াত ।
ইমান নিৰ্লজ্জ মানুহ কেনেকৈ হ’ব পাৰে । কেইটামান টকাৰ বাবে বা যৌতুক বাবে নিজৰ পত্নীৰ অশ্লীল ভিডিঅ’ বনাই ছচিয়েল মিডিয়াত ভাইৰেল কৰা লোকজনক আপুনি কি বুলি ক’ব ! এই ঘটনাই সংঘটিত হৈছে গুৱাহাটী মহানগৰীত ।
গুৱাহাটী মহানগৰীৰ ধীৰেনপাৰাৰ মানকাটাত ঘটনা সংঘতিত হৈছে । এই লোকজনৰ নাম হল দয়াল কৃষ্ণ পাঠক । তেখেত SBI Bank ৰ Head Messenger
নিজ পত্নীয়ে আনিছে এই লোকজনৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ । পত্নীৰ অভিযোগ অনুসৰি পুত্ৰৰ সন্মুখতে ডেগাৰ দেখুৱাই পত্নীক উলংগ কৰি অশ্লীল ভিডিঅ’ সংগ্ৰহ কৰে স্বামীয়ে । ভিডিঅ’ সংগ্ৰহ কৰাই নহয়, সেয়া ছচিয়েল মিডিয়াত ভাইৰেলো কৰিছে । বিগত ৬টা বছৰে অকথ্য নিৰ্যাতনৰ বলি হৈ অৱশেষ পিতৃগৃহত আশ্ৰয় ল’বলগীয়া হৈছে মহিলাগৰাকীয়ে ।
এতিয়া বৰপেটাৰ বিষ্ণুপুৰৰ পিতৃগৃহত আশ্ৰয় লৈ থাকিবলগীয়া হৈছে দয়ালকৃষ্ণ পাঠক নামৰ লোকজনৰ পত্নী ৰঞ্জু পাঠকে । বৰপেটাৰ বিষ্ণুপুৰৰ গণেশ চন্দ্ৰ পাঠকৰ কন্যা ৰঞ্জু পাঠকৰ ৬ বছৰ পূৰ্বে গুৱাহাটীৰ ধীৰেনপাৰাৰ মানকাটা নিৱাসী তথা ভাৰতীয় ষ্টেট বেংকৰ জি এছ ৰোড শাখাৰ কৰ্মচাৰী দয়ালকৃষ্ণ পাঠকৰ সৈতে বিবাহ সম্পন্ন হৈছিল ৷ কিন্তু বিয়াৰ পিছৰ পৰাই কাঠৰ ফাৰ্ণিচাৰৰ অজুহাত, নগদ ধন আদি বিচাৰি পত্নী ৰঞ্জু পাঠকৰ ওপৰত শাৰীৰিক, মানসিক অত্যাচাৰ চলাইছিল দয়াল কৃষ্ণ পাঠকে ৷
অলপতে, কেৰাচিন তেল ঢালি মহিলাগৰাকীক জ্বলাই দিয়াৰ চেষ্টা চলোৱাৰ সময়তে নিজ সন্তানটোক লগত লৈ কোনোমতে পলাই আহি বৰপেটাৰ বিষ্ণুপুৰৰ পিতৃগৃহত আশ্ৰয় লৈ আছে৷ ইপিনে স্বামীৰ উপৰ্যুপৰি অত্যাচাৰত জৰ্জৰিত মহিলাগৰাকীয়ে শনিবাৰে ফটাশিল থানাত এজাহাৰ দাখিল কৰি ইয়াৰ উচিত ন্যায় বিচাৰিছে৷

