Smart Mask :------
Covid-19 Protocol মানি স্মাৰ্ট ফেচ মাস্ক মুকলি কৰিবলৈ গৈ আছে দক্ষিণ কোৰিয়াৰ প্ৰযুক্তি প্ৰতিষ্ঠান এলজি (LG) য়ে । এই স্মাৰ্ট ফেচ মাস্কত থাকিব এটা মাইক আৰু স্পীকাৰ যি ব্যৱহাৰকাৰী সকলৰ Mask তললৈ নিব নালাগে, মাস্ক পিন্ধিয়েই সঠিকভাৱে যোগাযোগ কৰিব পাৰিব এতিয়া ।
এই প্ৰযুক্তিয়ে কথা কওঁতে ব্যৱহাৰকাৰীৰ কণ্ঠস্বৰ স্বয়ংক্ৰিয়ভাৱে চিনাক্ত কৰে আৰু শ্ৰোতাই ইন-বিল্ট স্পীকাৰৰ সহায়ত প্ৰতিটো শব্দ সহজে শুনিব পাৰে। কোম্পানীটোৱে কয় যে পুৰিকেয়াৰৰ ডিজাইন অতি পাতল, সেয়েহে ব্যৱহাৰকাৰীসকলে কোনো অসুবিধা নোহোৱাকৈ গোটেই দিনটো পিন্ধিব পাৰে ।


