Ads Area

Guwahatia High Court News | শিক্ষক পদত আবেদন কৰিব নোৱাৰিব এইসকল টেট উত্তীৰ্ণই !

মাদ্ৰাছা টেট উত্তীৰ্ণ  প্ৰায় ২০ হাজাৰ প্ৰাৰ্থীৰ আশাত পৰিল চেচাপানী ! শিক্ষক পদৰ বাবে আবেদন কৰিব নোৱাৰিব মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে ।  শুকুৰবাৰে চৰকাৰৰ সিদ্ধান্তকে বাহাল ৰাখি এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে । ফলত হাজাৰ হাজাৰ মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ শিক্ষক পদৰ বাবে আবেদনৰ পথ সম্পূৰ্ণৰূপে ৰুদ্ধ হৈ পৰিল ।

অসম চৰকাৰে যোৱা ১০ ছেপ্তেম্বৰ ২০২০ত এক অধিসূচনা জাৰি কৰি মাদ্ৰাছা টেট উত্তীৰ্ণক সাধাৰণ শিক্ষক পদৰ বাবে দিয়া নিৰ্দেশনা প্ৰত্যাহাৰ কৰে । আৰু তাৰ পিছতে নিযুক্তি বঞ্চিত বহুসংখ্যক মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল । কিন্তু অৱশেষত গুৱাহাটী হাইকোৰ্টে চৰকাৰৰ সিদ্ধান্তকে বাহাল ৰাখে ।
উল্লেখ্য যে,  ২০১৪ চনত অসম চৰকাৰে প্ৰাদেশীকৃত শিক্ষানুষ্ঠাসমূহত নিযুক্তিৰ অংশ হিচাপে মাদ্ৰাছা টেট পৰীক্ষা অনুষ্ঠিত কৰিছিল । আৰু ফলাফল অনুসৰি প্ৰায় ২০,৫০০ গৰাকী প্ৰাৰ্থী পৰীক্ষাত উত্তীৰ্ণ হৈছিল ।

Guwahatia High Court News

Post a Comment

0 Comments

Ads Area

close