Jan Dhan Account :
যদি আপোনাৰ জনধন একাউণ্ট আছে তেন্তে আপোনাৰ বাবে আছে ভাল খবৰ । আপুনিও যদি এই চৰকাৰী একাউণ্ট খোলে তেন্তে প্ৰতিমাহে ৩০০০ টকাৰ সুবিধা পাব । আহক জানো কি সুবিধা পাব আপুনি ।
আজি আমি আপোনাৰ এনে এক আঁচনি সম্পৰ্কে ক’বলৈ লৈছো, যাৰ আওতাত চৰকাৰে জনধন একাউণ্টধাৰীসকলক প্ৰতিমাহে ৩০০০ টকাকৈ প্ৰেৰণ কৰে । এই চৰকাৰী আঁচনিৰ নাম প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন যোজনা । এই আঁচনিৰ আওতাত প্ৰাপ্ত টকা পেঞ্চন আকাৰে প্ৰদান কৰা হয় । জনধন একাউণ্ট হোল্ডাৰসকলে এই আঁচনিৰ সুবিধা পাব ।
বছৰত পাব ৩৬,০০০ টকা
১৮ বছৰৰ পৰা ৪০ বছৰৰ যিকোনো লোকে কেন্দ্ৰীয় চৰকাৰৰ মানধন আঁচনিৰ অংশ হ’ব পাৰে । এইক্ষেত্ৰত ৬০ বছৰ হ’লেই এই আঁচনিৰ টকা একাউণ্টলৈ প্ৰেৰণ কৰে চৰকাৰে । এই আঁচনিৰ আওতাত বছৰি ৩৬,০০০ টকা স্থানান্তৰ কৰা হয় ।
কোনে পাব এই সুবিধা ?
অসংগঠিত ক্ষেত্ৰত কৰ্মৰত ব্যক্তিসকলে এই আঁচনিৰ সুবিধা পাব । ৰাস্তাৰ বিক্ৰেতা, মিড–ডে–মিল শ্ৰমিক, হেড লোডাৰ, ইটা ভাটাৰ শ্ৰমিক, মুচি, পৰিচাৰক, ধুবি, ৰিক্সাচালক, ভূমিহীন শ্ৰমিকসকলে এই আঁচনিৰ সুবিধা ল’ব পাৰে । মনত ৰাখিব আপোনাৰ মাহিলি আয় ১৫,০০০ টকাৰ কম হ’লেই এই আঁচনিৰ সুবিধা পাব ।
কি কি নথি–পত্ৰ লাগিব ?
এই আঁচনিৰ সুবিধা ল’বলৈ আপোনাৰ আধাৰ কাৰ্ড থাকিব লাগিব । ইয়াৰ উপৰি আপোনাৰ জনধন একাউণ্ট থকাটো প্ৰয়োজন । আপোনাৰ ছেভিংছ একাউণ্টৰ বিৱৰণো জমা দিব লাগিব ।
কিমান প্ৰিমিয়াম দিব লাগিব ?
এই আঁচনিৰ আওতাত বিভিন্ন বয়স অনুসৰি প্ৰতিমাহে ৫৫ৰ পৰা ২০০ টকা প্ৰিমিয়াম জমা দিব লাগিব । আপুনি যদি ১৮ বছৰ বয়সত এই আঁচনিত যোগ দিয়ে, তেন্তে আপুনি প্ৰতিমাহে ৫৫ টকাকৈ দিব লাগিব । ৩০ বছৰ বয়সীয়াসকলে ১০০ টকা আৰু ৪০ বছৰীয়াসকলে ২০০ টকা মাহিলি দিব লাগিব । এই আঁচনিত ৰেজিষ্টাৰ কৰিবলৈ আপোনাৰ ছেভিংছ বেংক একাউণ্ট বা জনধন একাউণ্টৰ IFS কোডৰ প্ৰয়োজন হ’ব । ইয়াৰ উপৰি আপোনাৰ আধাৰ কাৰ্ড আৰু এটা বৈধ মোবাইল নম্বৰ থাকিব লাগিব ।

