বজাৰত এইবাৰ আহিছে স্মাৰ্ট চশমা, স্মাৰ্টফোনৰ দৰে যিবোৰ সুবিধা পাব এই চশমাত, মূল্যও তেনেই কম
ডিজিটেল যুগত আপুনি যি দিশতে চাওক, সকলোতে প্ৰযুক্তিৰ স্পৰ্শ আছে । স্মাৰ্টফোন, স্মাৰ্টগাড়ীৰ পিছত প্ৰযুক্তি জগতত আন এটা আৱিষ্কাৰ হৈছে স্মাৰ্ট চশমা । কেইদিনমান আগতে অপোৱে স্মাৰ্ট চশমা মুকলি কৰাৰ পিছত শেহতীয়াকৈ আগশাৰীৰ আইকেয়াৰ চেইন টাইটান আই প্লাছেও (Titan Eye+) ভাৰতীয় বজাৰত টাইটান আই এক্স (‘EyeX’ ) নামৰ এটা নতুন স্মাৰ্ট চশমা মুকলি কৰিছে ।
কি কি সুবিধা আছে
ইয়াৰ দ্বাৰা যেতিয়াই বিচাৰে ছেলফি লোৱাৰ লগতে গান শুনিব পাৰে । এই স্মাৰ্ট চশমা সকলো অভিনৱ বৈশিষ্ট্যৰ সৈতে বজাৰলৈ আহিছে । আপুনি স্মাৰ্ট চশমাৰ জৰিয়তে কল কৰাৰ বিকল্পও পাব । এটা শব্দত প্ৰকাশ কৰিবলৈ হ'লে এই স্মাৰ্ট চশমাই আপোনাক স্মাৰ্টফোনৰ দৰে সুবিধা প্ৰদান কৰে । অত্যাধুনিক বৈশিষ্ট্যৰ এক ক্ষুদ্ৰ সংস্কৰণ স্মাৰ্ট চশমাত কোৱালকম চিপছেট (Qualcomm-chipset) ব্যৱহাৰ কৰা হৈছে । ইয়াৰ উপৰি এই স্মাৰ্ট গ্লাছত বিভিন্ন লেন্সৰ বাবে অডিঅ', পেডোমিটাৰ, টাচ্ছ কনট্ৰ'ল, ট্ৰু-ওয়াৰলেছ (TWS) আৰু অ'পেন ইয়াৰ স্পিকাৰ তথা CVC (ক্লিয়াৰ ভইচ কেপচাৰ) আছে । স্মাৰ্ট চশমাত ব্লুটুথ সংস্কৰণ 5.0 আৰু ডাইনেমিক ভলিউম কনট্ৰ'ল আছে ।
কিমান মূল্য
বজাৰত অত্যাধুনিক চশমাযোৰ মিডনাইট ব্লেক কালাৰত উপলব্ধ । স্মাৰ্ট চশমাযোৰ সকলো Titan Eye+ দোকান আৰু টাইটান আই+ অফিচিয়েল ৱেবছাইটৰ পৰা ক্ৰয় কৰিব পাৰি । স্মাৰ্ট গ্লাছ টাইটান আইএক্সৰ বাবে ভাৰতীয় মুদ্ৰাত ৯,৯৯৯ টকা ব্যয় হ'ব ।
