নাম সলনি হ’ব পাৰে ফেইচবুকৰ, অহা সপ্তাহত নতুন নাম ঘোষণাৰ সম্ভাৱনা
ফেইচবুকে নাম সলনি কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে বুলি খবৰ প্ৰকাশ পাইছে।
সমগ্ৰ বিশ্বত নতুন সামাজিক মাধ্যমৰ ব্যাৱসায়িক নীতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে ফেইচবুকৰ নাম সলনি কৰা হ’ব বুলি ধাৰণা কৰা হৈছে ।
অহা সপ্তাহত ফেইচবুকৰ নতুন নাম ঘোষণা হোৱাৰ সম্ভাৱনা আছে। ফেইচবুকক একমাত্ৰ সামাজিক মাধ্যমৰ পৰিৱৰ্তে ইয়াৰ চিনাকী সামাজিক মাধ্যমৰ উৰ্ধলৈ নিয়াৰ বাবেই নাম সলনি কৰা হ’ব বুলি এক সূত্ৰত প্ৰকাশ পাইছে ।
ফেইচবুকৰ নিজা প্লেটফৰ্মৰ উপৰিও ই ইষ্টাগ্ৰাম আৰু হোৱাটছএপো ফেইচবুকৰ অধীনৰে ।
গুগলৰ নিচিনাকৈয়ে ফেইচবুকে এটা নামৰ অধীনত ফেইচবুক, হোৱাটছএপ আৰু ইষ্টাগ্ৰামক অনাৰ পৰিকল্পনা কৰি আছে বুলি জানিব পৰা গৈছে ।
নাম সলনিৰ লগে লগে ফেইচবুক হয়টো ভবিষ্যতে এক চাৰ্ছ ইঞ্জিনৰ নিচিনাকৈয়ো কাম কৰিব পাৰে য’ত সামাজিক মাধ্যম সমূহৰ সেৱা সমূহো অন্তৰ্ভূক্ত হৈ থাকিব ।
