Ads Area

SBI Big Update

ষ্টেট বেঙ্ক অফ ইণ্ডিয়াই ( State Bank of India ) ইয়াৰ গ্ৰাহকসকলৰ বাবে এক সতৰ্কবাণী জাৰি কৰিছে । SBI য়ে গ্ৰাহকসকলক ৩০ ছেপ্টেম্বৰ, ২০২১-ৰ আগতে তেওঁলোকৰ স্থায়ী একাউণ্ট নম্বৰ আধাৰৰ সৈতে সংযোগ কৰিবলৈ এখন জাননী জাৰি কৰিছে । লগতে কৈছে যে যদি গ্ৰাহকসকলে এনে নকৰে, তেওঁলোকে বেঙ্ক সেৱা প্ৰাপ্ত কৰাত অসুবিধা পাব । আনকি তেওঁলোকৰ বেংক একাউণ্টো বন্ধ কৰিব পাৰে । ইফালে, আয়কৰ বিভাগে ( Income Tax Department ) কৈছে যে ৩০ ছেপ্টেম্বৰৰ ভিতৰত আধাৰৰ সৈতে সংযুক্ত নহ'লে পেন কাৰ্ডখন নিষ্ক্ৰিয় হ'ব । যদি এনে হয়, আপুনি আয়কৰ আইনৰ অধীনত ১ হাজাৰ টকাৰ জৰিমনা পৰিশোধ কৰিব লাগিব ।
SBI Big Update
আধাৰৰ সৈতে পেন কাৰ্ডক SMS কৰি কেনেকৈ  লিংক কৰিব পাৰিব :------

ইয়াৰ বাবে আপুনি আপোনাৰ ফোনত UIDPAN টাইপ কৰিব লাগিব ।
তাৰ পিছত ১২টা সংখ্যাযুক্ত আধাৰ নম্বৰ টাইপ কৰক । ১০টা সংখ্যাযুক্ত পেন নম্বৰ টাইপ কৰক । আৰু 567678 বা 56161 নম্বৰত SMSটো প্ৰেৰণ কৰক ।  উদাহৰণস্বৰূপে, UIDPAN 111122223333 AAAPA9999Q

এতিয়া অনলাইন প্ৰক্ৰিয়াৰে পেন কাৰ্ডক আধাৰৰ সৈতে লিংক কৰিব পাৰিব :----

  1. প্ৰথমতে আপুনি আয়কৰ বিভাগৰ Website - https://www.incometaxindiaefiling.gov.in/home যাওক ।
  2. বাওঁফালে পাব Link Aadhaar তাত ক্লিক কৰক ।
  3. এতিয়া পেন নম্বৰ, আধাৰ নম্বৰ আৰু আধাৰত থকা আপোনাৰ নাম পূৰণ কৰক ।
  4. যদি আপুনাৰ আধাৰত আপুনাৰ DOB দিয়া থাকে তেতিয়া তলত দিয়া Option ক্লিক কৰিব  নালাগে । 
  5. Captcha কোড  ক্লিক কৰক আৰু তাৰ পিছত লিংক ক্লিক  আধাৰত কৰক ।
  6. ইয়াৰ পাছত আপুনি দেখিবলৈ পাব পেন সফলতাৰে আধাৰৰ সৈতে লিংক কৰা হৈছে ।

নিষ্ক্ৰিয় পেন কেনেদৰে সক্ৰিয় কৰিব :----

নিষ্ক্ৰিয় পেন কাৰ্ডখন পুনৰ সক্ৰিয় কৰিব পাৰি । ইয়াৰ বাবে আপুনি এটা এছএমএছ কৰিব লাগিব । আপুনি মেচেজ বক্সলৈ যাব লাগিব আৰু আপোনাৰ পঞ্জীভুক্ত ম'বাইলৰ পৰা ১২-অংকৰ পেন টাইপ কৰিব লাগিব । তাৰ পিছত স্থান দি ১০ টা সংখ্যাৰ আধাৰ নম্বৰ টাইপ কৰক । তাৰ পিছত এই বাৰ্তাটো 567678 বা ইয়াক 56161 লৈ প্ৰেৰণ কৰক।

Post a Comment

0 Comments

Ads Area

close